বিহালীঃ বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্তই দেওবাৰে বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত শলমাৰীত গ্ৰাম্য পথ এটাৰ আধাৰশিলা স্থাপন কৰে৷

শলমাৰী তিনি আলি-কালি মন্দিৰ গ্ৰাম্য পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে৷ ডেৰ কিঃ মিঃ পথৰ বিধায়ক পুজিৰ নিৰ্মাণ হ’ব। আধাৰশিলা স্থাপনত বিজেপিৰ বাঘমৰা মণ্ডলৰ সভাপতি দধিৰাম শৰ্মা, বিজেপিৰ জ্যেষ্ঠ নেতা সদানন্দ দত্ত সৈতে ৰাইজ উপস্থিত থাকে৷