গোৰেশ্বৰঃ ‘‘বিজেপি দলে সাংবাদিক হত্যাৰ জৰিয়তে গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰে শিল্পীক ভাবুকি দিয়াৰ বাদে কি কৰিছে। সাম্প্ৰদায়িকতাৰ পৃষ্ঠপোষক বিজেপি চৰকাৰে কমিউনিষ্ট সকলক কিনিব পৰা নাই, সেয়ে তেওঁলোকক  হত্যা কৰিবলৈ আৰম্ভ কৰিছে।’’ -এই মন্তব্য কামৰূপ জিলাৰ চিপিআইএম দলৰ সম্পাদক ৰমেশ নাথৰ।

আজি বাক্সা জিলাৰ গোৰেশ্বৰত চিপিআইএম দলৰ এখন পথসভাত নাথে এনেদৰে কয়। অহসিষ্ণুতা, সাম্প্ৰদায়িকতাবাদ আৰু স্বৈৰাতান্ত্ৰিক শক্তিৰ বিৰুদ্ধে ৰাইজক একগোট হোৱাৰ আহ্বানেৰে আয়োজন কৰা এই পথ সভাত নাথে বিজেপি দলে সাম্প্ৰদায়িক মনোভাবৰ সৃষ্টি কৰি হিন্দু-মুছলমান একেলগে বসবাস কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি কৰিব বুলি শংকা প্ৰকাশ কৰে।

পথসভাত অসম ৰাজ্যিক চিপিআইএমৰ দলৰ সদস্য কৰুণা ভূঞাই কয়, ‘‘বিজেপি দলৰ শাসনত দিকভ্ৰান্ত হৈ ৰাইজ এতিয়া কোন দিশে যাব কি কৰিব উৱাদিহ নপোৱা হৈছে। বিজেপিৰ স্বৈৰাতান্ত্ৰিক শাসনত অসহনীয় স্থিতিৰ সৃষ্টি হৈছে। বিজেপিৰ হিন্দুত্ববাদী নীতিৰ বিৰোধিতা কৰা বাবে আজি সাংবাদিকক হত্যা কৰা হৈছে।’’

ইয়াৰ পূৰ্বে চিপিআইএম দলৰ সদস্য সকলে গোৰেশ্বৰ চহৰত এটি প্ৰতিবাদী ৰেলী উলিয়াই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷