01
Nov
2017

দলংঘাটঃ ছিপাঝাৰ বিধান সভা সমষ্টিৰ দেওমৰনৈ গাঁও পঞ্চায়তৰ মঙলদৈ মাজিকুছি গড়কাপ্তানি পথৰ মাউটপাৰা-ৰান্ধনি সত্ৰ অংশৰ নিৰ্মাণৰ বুধবাৰে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। অসম চৰকাৰৰ পথ মেৰামতি শিতানৰ ২০১৬-১৭ বৰ্ষৰ প্ৰায় ডেৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া ২.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ পকীকৰণৰ শুভাৰম্ভ কৰাৰ উপলক্ষে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।
মাউটপাৰা ৰান্ধনি সত্ৰ পথ উন্নয়ন সমিতিৰ উপ-সভাপতি অনন্ত দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াক সম্বৰ্ধনা পত্ৰ, শৰাই, ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ পুৰস্কাৰ প্ৰাপ্ত শিক্ষক ভাৰত ভূষন মহন্তকো সম্বৰ্ধনা যাচে। বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা লসমাধান হোৱাৰ দিশে আগবঢ়াত ৰাইজে বিধায়কগৰাকীৰ শলাগ লয়৷