আজাৰাঃ ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ পথসমূহ উন্নয়নৰ বাবে প্ৰতিখন চৰকাৰে আঁচনি ৰূপায়ণ কৰি আহিছে। নতুন চৰকাৰখনেও গ্ৰাম্যঞ্চলৰ পথ উন্নয়নৰ বাবে হাতত লৈছে আঁচনি৷

এই অনুযায়ী ৰাজ্য চৰকাৰৰ এম জি এন আঁচনিৰ অধীনত পলাশবাৰী সমষ্টিৰ হালীগাঁও ৩নং পথৰ শুভ-উদ্ধোধন কৰে সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই। বিধায়কগৰাকীয়ে দহালী দখলা গাঁও পঞ্চায়তৰ এম জি এন আঁচনিৰ প্ৰায় ১৮ লক্ষাধিক টকা ব্যয় সাপক্ষে নিৰ্মাণ হ’বলগীয়া বৰ মছজিদ পথটোৰো আধাৰশিলা স্থাপন কৰে৷

আধাৰশিলা স্থাপন উপলক্ষে অনুষ্ঠিত সভাত বিধায়ক কলিতাই পলাশবাৰী সমষ্টিৰ জৰাজীৰ্ণ ৫৮ টা পথ তেওঁৰ কাৰ্য্যকালত ইতিমধ্যে পকীকৰণ কৰাৰ লগতে বাকী থকা পথসমূহ পকীকৰণ কৰাৰ কথা প্ৰকাশ কৰে৷ সমষ্টিটোৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলিও তেওঁ সভাত উল্লেখ কৰে।

বিধায়কগৰাকীয়ে ৰাইজক দল-মত নিৰ্বিশেষে উন্নয়নৰ দিশত একত্ৰিত হৈ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। আৰফান আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত দহালী দখলা গাঁও পঞ্চায়তৰ সভাপতি লস্কৰ আলী দেৱান, কনিষ্ঠ অভিমন্তা খনীন্দ্ৰ শৰ্মা, গিতালী শইকীয়া কলিতা, হালীগাঁও মাদ্ৰাছা হাইস্কুলৰ প্ৰধান শিক্ষক জব্বৰ আলী উপস্থিত থাকে।