
নলবাৰীঃ পৰিবৰ্তনৰ শ্ল’গান যেন বাস্তৱত ৰূপায়িত হৈছে৷ পুৰ্বে পথৰ পকীবোৰ এবছৰ হলেও গৈছিল৷ এতিয়া সপ্তাহৰ পিছতে চকলে চকলে এৰি যাবলৈ আৰম্ভ কৰে৷
এয়াই হয়তো পৰিবৰ্তন৷ নলবাৰী জিলাৰ বনগাঁও-মুকালমুৱা সংযোগী জাগ্ৰা পথত বৃহস্পতিবাৰে ৰাইজে কেমেৰাৰ সন্মুখত পথত পকী হাতেৰে উঠাই তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷
পকীকৰণৰ কামত ঠিকাদাৰে ব্যাপক দূৰ্নীতি-অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ যাৰ ফলত স্থানীয় ৰাইজে নিৰ্মানৰ কাম বন্ধ কৰে ৷ এ আৰ এম এফ আঁচনিৰ অধিনত ৮ কিলোমিটাৰ দৈৰ্ঘৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মানৰ দায়িত্ব লাভ কৰিছিল গুৱাহাটীৰ ইউ জি পি বি কনষ্ট্ৰাকচন নামৰ কোম্পানীটোৱে ৷
প্ৰায় ৮০ লাখ টকা ব্যয়েৰে মেৰামতি কৰা পথটোত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰৰা ফলত ক্ষোভিত ৰাইজে পথটোৰ পকাবোৰ হাতেৰে চকলা-চকলে উঠাই দি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিৰ্মান কাৰ্য বন্ধ কৰি দিয়ে৷ আৰক্ষীৰ উপস্থিতিত নিশাৰ এন্ধাৰত পুনৰ নিৰ্মান কাৰ্য আৰম্ভ কৰে নিৰ্মান কোম্পানীটোৱে৷