ধনশিৰিঃ হাতত ছেণ্ডেল লৈ একাংশ মহিলাই খোজকাঢ়িছে৷ মহিলা সকলে খোজকাঢ়ি থকা পথটোত শুকান ঠাই পাবলৈ নাই৷ যাৰ বাবে হাতত ছেণ্ডেল লৈ খোজকাঢ়িব ধৰিছে৷ সৰুপথাৰ বিধান সভা সমষ্টি অন্তৰ্গত দক্ষিণ গোলাঘাট উন্নয়ণ খণ্ডৰ বহু গ্ৰাম্য পথত এতিয়া হাজাৰ হাজাৰ লোকে বহিঃজগতৰ সৈতে এনেদৰে যোগাযোগ কৰে৷

বছৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে প্ৰতিখন জিলাক কোটি কোটি টকা গ্ৰাম্য উন্নয়ণৰ বাবে দিয়ে যদিও পূব-বৰপথাৰ গাঁও পঞ্চায়তৰ ১০নং ৱাৰ্ডৰ চকলি-শিৱ মন্দিৰ সংযোগী পথটো বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত কদৰ্য ময় হৈ পৰে।

শৰালি ৬ মাহ বোকা পানীৰে লেতেৰা হৈ থকা পথটোত এম্বুলেঞ্চ আহিব নোৱাৰে৷ কোনোবা লোকৰ বেমাৰ আদাৰ হলে দাং কোলাকৈ নিব লগা হয় চিকিৎসালয়ত৷ পথটো নিৰ্মাণৰ বাবে বিগত সময়ত এমজিএনৰেগা আঁচনিৰ ৪,৯৮,১৯৩ লাখ টকা পূঁজি আবন্টণ দিছিল যদিও পথটোৰ উন্নয়ণ নহল৷

এমজিএনৰেগা পথ নিৰ্মাণৰ কামত শ্ৰমিক হিচাপে স্থানীয় লোকক নিয়োগ কৰিব লাগে যদিও স্থানীয় লোকক নিয়োগ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে শতাধিক ৰাইজে স্থানীয় বিধায়িকা ৰ’জলিনা তিৰ্কি আৰু পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ আনহাতে পূব-বৰপথাৰ গাঁও পঞ্চায়তত সংঘটিত কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰে ৰাইজে।