ডিজিটেল ৰিপ'ৰ্টঃ বিটিএডিত বসবাস কৰা সকলো জনগোষ্ঠীৰ লোকৰ সম অধিকাৰৰ প্ৰশ্ন সদায় উত্থাপন হৈ আহিছে৷ বিটিএডিৰ ৪খন জিলাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে সম অধিকাৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰি সময়ে সময়ে একাংশ দল-সংগঠনে প্ৰতিবাদো কৰি আহিছে৷

এটি বিশেষ জনগোষ্ঠীৰ লোকে চাকৰি-বাকৰি, ঠিকা-ঠুকলি-ভিচিডিচিৰ অধ্যক্ষ-সদস্য পদ পাই অহা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ লগতে কেইবাটাও জনগোষ্ঠী বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হয় সময়ে সময়ে৷ একো একোটা বিশেষ অঞ্চলৰ বাট-পথ উন্নয়নৰ পৰা ৰৈ যোৱাৰ লগতে বিটিচি তথা ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে।

বৰ্তমানলৈকে বিটিচিৰ পৰিষদীয় সমষ্টিৰ টিচিএলচিচি আৰু গাঁও উন্নয়ন সমিতিসমূহৰ সদস্য তথা অধ্যক্ষ পদসমূহৰ পৰা কেইবাটাও জনগোষ্ঠীৰ লোক বঞ্চিত হৈ আহিছে৷ বঞ্চিত লোকসকলে প্ৰাপ্য বিছাৰি জন্ম দিছিল অবড়ো সুৰক্ষা সমিতি নামৰ এটি সংগঠনৰ৷

এই সংগঠনটো বঞ্চিত লোকসকলৰ কন্ঠ হৈ পৰিছিল। বঞ্চিত লোকসকলৰ হৈ ৰাজপথত প্ৰতিবাদো সাব্যস্ত কৰিছিল।কিন্তু লাহে লাহে এই সংগঠনটোও গণবিচ্ছিন্ন হৈ ৰাজনীতিত নামি পৰে। ফলত একাংশ অবড়ো নেতাই বিটিএডিৰ ৰাজনীতিত দালালি কৰা আৰম্ভ কৰা বুলিও অভিযোগ উত্থাপিত হ'বলৈ আৰম্ভ কৰে।

যিসমূহ দাবীৰ বাবে ৰাইজে অবড়ো সংগঠনক সমৰ্থন দি ৰাজ পথলৈ ওলাই আহিছিল সেই দাবী এতিয়া পাহৰণিৰ গৰ্ভত লীন হৈ পৰিল৷এতিয়া বিটিএডিৰ সেইসকল বঞ্চিতৰ হৈ মাত মতা মানুহৰ অভাৱ ৷

অবড়ো ৰাইজৰ ৰাজপথ কপাই তোলা সংগ্ৰামখন হাগ্ৰামা মহিলাৰীৰ কাৰণে মূৰৰ কোমোৰণি হৈ পৰিছিল৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই সংগ্ৰামখন  যিকোনো প্ৰকাৰে মষিমূৰ কৰাৰ চেষ্টা কৰিছিল৷ বিপিএফ প্ৰধানজনে অবড়োৰ সংগ্ৰামখন মষিমূৰ কৰি ৰাজনীতিৰ পথাৰত সফলো হৈছিল৷

বহু অবড়ো নেতা এতিয়া বিপিএফ নেতা৷ তেওঁলোকে এতিয়া বঞ্চিত লোকসকলৰ হৈ কথা ক'বলৈ সাহস নকৰে৷ এনেবোৰ ঘটনাৰ মাজতে এটি পথক লৈ বৈষম্য কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বাক্সা জিলাৰ অন্যতম প্ৰাণকেন্দ্ৰ গোৰেশ্বৰত আৰম্ভ হৈছিল অবড়ো সংগঠনৰ সংগ্ৰাম৷ এই গোৰেশ্বৰৰ সমীপৰ কাউৰবাহা, ঢেকীপোতা, ঔখাৰী, লটিবাৰী, জোকমাৰী, গান্ধীবাৰী, খাতপাৰা আদি অঞ্চলৰ লোকক বৈষম্য কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ উক্ত অঞ্চলসমূহৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল কাউৰবাহা-লটিবাৰী গড়কাপ্তানী পথটোক বিটিচি প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷

যোৱা ১৫ বছৰ ধৰি পথটো মেৰামতি নকৰাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গা’ত হোৱাৰ লগতে গাড়ী-মটৰ দূৰৈৰ কথা খোজকাঢ়ি যাবৰ বাবে পৰিৱেশ নোহোৱা হৈছে৷ বছৰ বছৰ ধৰি এটি শিলো নপৰাত কদৰ্যময় হৈ পৰিছে পথটো৷ এই পথটোৰে নিতৌ ঢেকীপোতা নামৰ ঠাইৰ পৰা পুঠিমাৰী নৈৰ বালি ট্ৰাকে ট্ৰাকে বিভিন্ন ঠাইলৈ সৰবৰাহ হয়৷ এই পথটোত চলাচল কৰা ট্ৰাকৰ পৰা এটি সংখ্যালঘু সংগঠন, এটি জনগোষ্ঠীয় ছাত্ৰ সংগঠনে নিতৌ টকা তুলি খাই আহিছে যদিও কোনো দিনে পথটো মেৰামতিৰ বাবে মাত দিয়া নাই৷ 

উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, বাৱসায়ী সহিতে শ শ লোকে এই পথটোৰে আহ-যাহ কৰে৷ কামৰূপৰ ৰঙিয়া চহৰৰ সৈতে সংযোগ থকা পথটোৰে চুপাৰী, তামোল, ধান আদিৰ ব্যৱসায়ী চলে৷ লটিবাৰী, ঔখাৰী, জকমাৰি, গান্ধীবাৰী, লতিবাৰী, ঢেকীপোতা আদি ঠাইক বিটিচি প্ৰশাসনে বৈষম্য কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ লোকে৷

কাউৰবাহা-লতিবাৰী পথটোক সংযোগ কৰা খাতপাৰা-চৌৰাগুৰী পথটো কেইবা কোটি টকা খৰছ কৰি নিৰ্মাণ কৰাৰ পাছতো মূল পথটোক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৰাইজে৷ খাতপাৰা-চৌৰাগুৰী গ্ৰাম্য পথটোৰ লগে লগে কাউৰবাহা-লতিবাৰী পথটো গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উক্ত অঞ্চলৰ সকলো পথৰেই উন্নয়ন হ’ব লাগে বুলি মত প্ৰকাশ কৰে একাংশ লোকে৷ অবড়ো নেতাৰ পলায়নবাদী মনোভাব  আৰু হাগ্ৰামাৰ মহিলাৰীৰ ৰাজনীতিত বলিৰ পঠা হৈছে নেকি বিটিএডিৰ একাংশ লোক৷ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ সদস্য মহেশ্বৰ বসুমতাৰী, শুক্লাই চেৰফাং সমষ্টিৰ সদস্য গণেশ কছাৰী, বিশ্বজিত দৈমাৰীয়ে, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ নৱ শৰনীয়াই আজিলৈ পথটো মেৰামতি কৰাত গুৰুত্ব আৰোপ নকৰা বুলি ৰাইজে মন্তব্য কৰিছে।

আনহাতে উক্ত অঞ্চল সমূহত আজিও বাট-পথ, শিক্ষা, স্বাস্থ, শিক্ষা, বিশুদ্ধ খোৱাপানী, জলসিঞ্চন ব্যৱস্থা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে কেইবাগৰাকী লোকে৷