
গোৰেশ্বৰঃ জাতি জনগোষ্ঠীৰ মিলনভূমি বিটিএডিত বহু ভাষা-ভাষী, সম্প্ৰদায়-বৰ্ণৰ লোক আছে। বিটিএডি খন কেৱল বড়ো জনগোষ্ঠীৰে নহয়। সকলো জাতি-জনগোষ্ঠীৰে ভাষা, সাহিত্য, সংস্কৃতি জীয়াই থাকিব বিটিএডিত। এই বিটিচিৰ কাৰ্যবাহী তথা ২৯নং শুক্লাই-চেৰফাং পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য গণেশ কছাৰীৰ।
শনিবাৰে বাক্সা জিলাৰ শুক্লাই চেৰফাং সমষ্টিৰ ৪টা পথ নিৰ্মাণৰ কামৰ শুভৰাম্ভ কৰি এই মন্তব্য আগবঢ়ায় কছাৰীয়ে৷ পি এম জি এচ ওৱাই আঁচনিৰ অধীনত মহৰিপাৰা-কেৰ্পাভিঠা গড়কাপ্তানি পথ, দিঘিলীপাৰ-টেঙাঝাৰ গড়কাপ্তানি পথ আৰু ৪নং দোঙাৰগাঁও-অমৰ চ'ক গড়কাপ্তানি পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰি এনেদৰে কয় কছাৰীয়ে।
মই বিটিচিৰ জৰিয়তে সমষ্টিৰ উন্নয়ন কৰিবলৈ ৰাজনীতি কৰিছোঁ। ইয়াৰ বাবে কাৰো সৈতে আপোচ নকৰো বুলি মন্তব্য কৰে ই এম কছাৰীয়ে। এসময়ত য'ত গাড়ী মটৰ বাদেই খোজ কাঢ়ি যাবলৈও কঠিন আছিল সেই অঞ্চলটোত এতিয়া কাৰ্যবাহী সদস্যগৰাকীৰ তৎপৰতাত বহু কেইটা পথৰ নিৰ্মাণ সম্ভৱ হৈ উঠিছে।
শুক্লাই চেৰফাং সমষ্টি বিটিচিৰ আন বহু সমষ্টিতকৈ আগবঢ়া বুলি এতিয়া সমগ্ৰ বিটিএডিত চৰ্চা আৰম্ভ হৈছে। কম সময়ৰ ভিতৰত কেৱল আধাৰশিলাই নহয় চুবুৰীয়া কেবাটাও সমষ্টিতকৈ অধিক বাট পথৰ উন্নয়ন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কাৰ্যবাহী সদস্যজনে। কাৰ্যসূচীত গড়কাপ্তানি বিভাগৰ শাখা বিষয়া জানি বড়ো, টিএলচিচিৰ চেয়াৰমেন ৰুদ্ৰ চুবেদী আৰু কেবাজনো বিপিএফৰ কৰ্মী উপস্থিত থাকে।