ডিব্ৰুগড়ঃ ৰাজ্য খনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে যদিও তেওঁ ডিব্ৰুগড় জিলাৰ হে বাসিন্দা৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱৰ বাসিন্দা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী৷ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁও খনকলৈ সমগ্ৰ ডিব্ৰুগড় জিলাই গৌৰৱ কৰে৷ কিয়নো মুখ্যমন্ত্ৰীগৰাকী তেওঁলোকৰ জিলা খনৰ সেই গাঁও খনৰ লোক৷

মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন উৎসৱ পাৰ্বনে নিজ ঘৰ খনত উপস্থিত নিজ গাঁও খনৰ লগতে নিজৰ অঞ্চলটোৰ উন্নয়ন কৰাৰ কথা বাৰে বাৰে কৈ আহিছে৷ যোৱা ০১ মাৰ্চত  মুখ্যমন্ত্ৰীগৰাকীয়ে চাবুৱাৰ বিন্ধাকটাৰ মুলুক গাঁৱত উপস্থিত হৈ ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে গৰাখনীয়া ৰোধ কৰাৰ লগতে দলং নিৰ্মাণৰ নিৰ্দেশ দিছিল৷ 

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰলৈ গলে ওচৰ চুবুৰীয়া গাঁৱৰ মানুহবোৰে সমস্যাৰ কথা কবলৈ আহে যদিও মুখ্যমন্ত্ৰীক সৰু মানুহে লগ ধৰিব নোৱাৰে৷ এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ গাঁও খনৰ সমীপৰ এটি অঞ্চলৰ লোকে৷ 

মুখ্যমন্ত্ৰীহোনো ডাঙৰ মানুহ হ’ল৷ যিয়ে নহ’ওক সমগ্ৰ অসমৰ প্ৰতিটো কথাকে চাব লগা হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলো লোকক লগ ধৰিব পৰাটো সম্ভৱ নহয়৷ যাৰ বাবে মুখ্যমন্ত্ৰীৰ গাঁওখনৰ আশে-পাশে থকা গাঁও সমূহৰ লোকসকল লাহে লাহে নাৰাজ হৈ পৰিছে৷ 

একাংশ লোকে তেওঁলোকৰ সমস্যা আজিও সমস্যা হৈয়ে থাকিল বুলি ক্ষোভ ব্যক্ত কৰে৷ তেওলোকে এতিয়া সমস্যাৰ সমাধান হ’ব বুলি আশা এৰি দিয়া বুলিও কয়৷ এতিয়া প্ৰশ্ন হয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভিতৰি ভিতৰি তেওঁৰ গাঁও খনৰ সমীপৰ গাঁৱৰ মানুহ নাৰাজ হৈছে কিয়৷

⇒নাৰাজা ৰহমৰীয়াবাসীঃ

⇒মুখ্যমন্ত্ৰীগৰাকীৰ নিজ গাঁও খনৰ পৰা কিছু নিলগৰ এটি অঞ্চল হৈছে ৰহমৰীয়া৷ ৰহমৰীয়াৰ আটাই খিনি বাসিন্দাই থলুৱা ভূমিপুত্ৰ৷ কিন্তু আজি জীৱনৰ সুৰক্ষাৰ বাবে কান্দি দিন পাৰ কৰিব লগা হৈছে ৰহমৰীয়া থলুৱা ভূমিপুত্ৰই৷
 
সেই অঞ্চলটোৰ লোকে এসাজ ভাতৰ বাবে চকুলো টুকি সময় পাৰ কৰে। জীয়ৰি, বোৱাৰীয়ে বিপদত পৰে। সন্তানে স্কুলৰ পৰিৱৰ্তে টম্বুৰ তলত সোমাই ধ্বংসৰ আখৰা প্ৰত্যক্ষ কৰে। জীৱন নহয় যেন এখন সমাপ্ত নোহোৱা সংগ্ৰাম হে। এনে কষ্টকৰ জীৱন সহে শ-শ পৰিয়াল৷ 

গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি দৰিদ্ৰতা, ৰোগ-ব্যাধী আদিয়ে সৰ্বশ্ৰান্ত কৰা পৰিয়ালসমূহে মাটি-ভেটি হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে৷ নৈৰ দাতিৰ নৈৰ কোবাল সোঁতে খহনীয়াৰ সৃষ্টি কৰি সা-সম্পত্তি, ঘৰ-দুৱাৰ সকলো হেৰুৱাব লগা হৈছে ৰহমৰীয়াবাসীয়ে৷

ৰহমৰীয়াবাসীয়ে প্ৰতিটো বাৰিষাই হাহাকাৰ কৰি দিন পাৰ কৰে। আকাশৰ পৰা বৰষুণৰ টোপাল পৰাৰ পিছতে নৈৰ জলপৃষ্ঠ বৃদ্ধি হয় আৰু তেতিয়াই তেওলোকৰ অন্তৰেও কান্দিবলৈ আৰম্ভ কৰে। প্ৰতিটো বানে ভয়াৱহ ৰূপ ধাৰণ কোৰ লগে লগে তেওঁলোকৰ অন্তৰে কান্দে। 

ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে উপনৈসমূহে ফেনে ফোটোকাৰে বাঢ়ি অহাৰ লগে লগে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে উপনৈসমূহে ফেনে ফোটোকাৰে বাঢ়ি অহা পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰে৷ নৈৰ পানীয়ে মুহূৰ্ততে জলমগ্ন কৰে তেওঁলোকৰ ঘৰ বোৰ৷ জীৱ-জন্তুৰ দৰে পৰিৱেশত জীয়াই থাকিব লগা হয় তেওঁলোকে। তেওঁলোকৰ অন্তৰে তেতিয়া বৰকৈ কান্দে।

ডিব্ৰুগড় জিলাৰ জিলাৰ লাহোৱাৰ সমষ্টিৰ ৰহমৰীয়াত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাৰ পিছতো চৰকাৰ খনে খহনীয়া ৰোধৰ বাবে যেনেদৰে তত্পৰ হৈ উঠিব লাগিছিল তাৰ পৰিৱৰ্তে নীৰৱ ভূমিকাই শংকান্বিত কৰি তুলিছে শ শ পৰিয়ালক৷ 

পুনৰ বাৰিষা আহিবৰ সময় হ’ল যদিও আশাৰ ক্ষীণ পোহৰ দেখা নাই ৰহমৰীয়াৰ কোনো এটা পৰিয়ালেও। বিনিয়োগকাৰীক আদৰাৰ বাবে কোটি কোটি টকা খৰচ কৰা ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ লোকে এতিয়া প্ৰতিবাদ কৰিব লগা হৈছে৷ 

বৃহত্তৰ ৰহমৰীয়া অঞ্চলত প্ৰকৃতিক সম্পদেৰে দেশ তথা ৰাজ্য চহকী হৈ আহিছে যদিও আজিলৈ গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰে পদক্ষেপ লোৱা দেশা নাযায়৷ সাৰুৱা তেলৰ বাবে ৰহমৰীয়া বুকু প্ৰতিদিনে খনন কৰে যদিও থলুৱাৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে চৰকাৰ তথা অইলে৷

অঞ্চলটোৰ গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ দিনতেই কেন্দ্ৰৰ পৰা প্ৰস্তাৱিত হৈ থকা ৭৮.৮৪ কোটি টকাৰ কাম আজিলৈকে আৰম্ভ হোৱা নাই। আনকি মুখ্যমন্ত্ৰী সেই এলেকাটোৰ হোৱাৰ পিছতো 

⇒ৰহমৰীয়াত সভাঃ

⇒বৃহস্পতিবাৰে ৰহমৰীয়াৰ গৰাখনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন সভা অনুষ্ঠিত হয়৷ মুখ্যমন্ত্রী গৃহৰ পৰা কিছু নিলগৰ ৰহমৰীয়াবাসীৰ সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয় সভাত৷ 

কেৱল মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালেই নহয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই ৰহমৰীয়াৰ গৰাখহনীয়াক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৰহমৰীয়াৰ ৰাইজে৷

ৰাইজে মুখ্যমন্ত্ৰীৰ ঘৰ খনৰ গাতে লাগি থকা এটুকুৰা ঠাইৰ লোকে কিদৰে বাস কৰিছে সেই কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম যোগে প্ৰচাৰ কৰিবলৈ মত পোষণ কৰে৷ কেইগৰাকীমান যুৱকে ইণ্ডিয়ান এক্সেপ্ৰেছ, হিন্দুস্তান টাইমছৰ দৰে সংবাদ প্ৰতিষ্ঠানত তেওঁলোকৰ বাতৰি সম্প্ৰচাৰ কৰিব লাগে বুলি কৈ তেওঁলোকৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ যোগাযোগ নম্বৰ সংগ্ৰহ কৰি সংবাদিকক ৰহমৰীয়ালৈ মাতি নি মুখ্যমন্ত্ৰীৰ নিজ ঘৰৰ সমীপৰ ৰহমৰীয়াৰ পৰিৱেশ দেখুৱাব বুলি কয়৷

গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি দৰ্পণ দাসৰ নেতৃত্বত ৰহমৰীয়া আশ্ৰয় শিবিৰত ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাত পৰিৱৰ্তনকামী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৰাইজে৷

অাগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাই৷ পৰিৱৰ্তনকামী বিজেপি চৰকাৰ খনক অনাগত দিনত বিভিন্ন কাৰ্যসূচীৰে ৰহমৰীয়াবাসী ৰাইজে তীব্ৰ প্ৰত্যাবান জনাবলৈ সাজু হৈছে বুলিও কয়৷ 

ফুলৰ গামোচা অাৰু ফুলৰ মালা পিন্ধি থকা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে সমগ্ৰ অসমত উন্নয়ন কৰিছো বুলি ভাৱে তেন্তে তেওঁৰ ঘৰৰ কাষৰ অৰ্থাৎ চাবুৱাৰ নিজা গৃহৰ পৰা কিছু নিলগৰ ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যা সমাধান কৰি দেখুবাৱলৈ প্ৰত্যাহ্বান জনায় ৰহমৰীয়া গৰাখনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই৷ 

সভাত কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল অাৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা অাৰু সাংসদ ৰামেশ্বৰ তেলীক গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ দাবী জনায়৷