
লালুকঃ যোৱা ৫ দিন ধৰি জলবন্দী হৈ থকা লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ বানাক্ৰান্ত ৰাইজক সাহায্য বিতৰণৰ নামত জিলা প্ৰশাসনে এক প্ৰকাৰৰ ভেঙুচালি কৰা পৰিলক্ষিত হৈছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানত ক্ষতিগ্ৰস্ত ৰাইজক তৎকালীনভাৱে বান সাহায্য দিবলৈ নিৰ্দেশ দিয়াৰ সময়তে যোগানকাৰীৰ হাতত সামগ্ৰী মজুত নথকাৰ আচিলালৈ সামান্য পৰিমাণৰ চাউল আৰু দাইল দিয়েই দায় সৰা বুলি অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ বানাক্ৰান্তই।
ইফালে ঠিকাদাৰে যোগান ধৰা বান সাহাৰ্য দেখি ৰাইজৰ চকু কপালত উঠিছে৷ সাহায্য সামগ্ৰীৰ নামত লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত পচা চাউল বিতৰণ কৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷
বিশেষকৈ পাচঁ দিনকৈ জলবন্দী হৈ থকাৰ পাছত বিতৰণ কৰা এনে পচা চাউল দেখি বানাক্ৰান্ত ৰাইজে ক্ষোভিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ফলত বিতৰণ কৰিবলৈ অহা লোক কেইজন উক্ত স্থানৰ পৰা আতৰি যায়৷
জিলা প্ৰশাসনৰ এনে অমনোযোগিতাক বানাক্ৰান্ত ৰাইজে তীব্ৰ ভাষাৰে সমালোচনা কৰি এনে যোগনিয়াৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷
ইফালে নীপকোৰ বানত লখিমপুৰত কালি এগৰাকী যুৱতী মৃত্যু ঘটা বাতৰিয়ে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে৷
প্ৰাপ্ত তথ্য মতে তেলাহী মৌজাৰ মৰ্টন চাপৰিত অনিতা দলে (২২) নামৰ যুৱতীগৰাকীয়ে নাওঁ চলাই প্ৰাত: কৰ্মৰ বাবে কাষৰ চাপৰিলৈ যাবলৈ চেষ্টা কৰোতে অকস্মাতে পানীত পৰি যায় আৰু মৃত্যু ঘটে৷ যুৱতীগৰাকীৰ মৃত্যুক লৈ লখিমপুৰত নীপকোৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা দুই জনলৈ বৃদ্ধি পালে৷