জোনাইঃ ৰাজপথত দৌৰিলে ৰয়েল এনফিল্ড৷ এখন দুখন নহয় ২০খন এনফিল্ডে কপাই গ’ল চৌদিশ৷ ৭১ তম স্বাধীনতা দিৱস উদযাপন উপলক্ষে জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰয়েল ৰাইডাৰ্ছ জোনাইৰ সহযোগত পথ সুৰক্ষা আৰু স্বচ্ছ ভাৰত অভিযান সজাগতাৰ বাবে সোমবাৰে ৰয়েল এনফিল্ড ৰেলী উলিওৱা হয় ।

ৰেলীত স্থানীয় ২০ জন যুৱকে ৰয়েল এনফিল্ড বুলেট লৈ অংশ গ্ৰহণ কৰে। প্ৰথমে মহকুমাধিপতিৰ কাৰ্যালয়ৰ গান্ধী মূৰ্ত্তিৰ সন্মুখৰ পৰা বিভিন্ন সজাগতা মূলক শ্লগান দি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথেৰে চিমেন ছাপৰিলৈ পৰিভ্ৰমণ কৰে। পুনৰ জোনাই সদৰলৈ ঘূৰি আহি ৰেলী কাৰ্যসূচীৰ সমাপ্ত কৰে।