14
Dec
2017

বাইহাটা চাৰিআলিঃ বাইহাটা চাৰিআলিত দুইচকীয়া বিলাসী বাহন ৰয়েল এনফিল্ডৰ শ্বৰূম বুধবাৰে মুকলি কৰা হয়। কামৰূপ জিলাৰ ভিতৰত প্ৰথম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ২৫ সংখ্যক ৰয়েল এনফিল্ডৰ শ্বৰূমটো এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানৰে মুকলি কৰা হয়।
এচ এচ অটো মবাইল নামৰ এই শ্বৰূমটো ৰয়েল এনফিল্ডৰ কৰ্তৃপক্ষৰ শীৰ্ষ বিষয়া কৌশিক বসুৱে মুকলি কৰে। অনুষ্ঠানত ৰয়েল এনফিল্ড কৰ্তৃপক্ষই এই শ্বৰূমটোৱে যুৱপ্ৰজন্মক আকৰ্ষণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে কামৰূপ তথা বাক্সা, দৰং, নলবাৰী, ওদালগুৰি জিলাৰ এনফিল্ড প্ৰেমী সকললৈ সেৱা আগবঢ়াব বুলি অৱগত কৰে।