
ডিজিটেল ডেস্কঃ কি খাব, কি পিন্ধিব, কিদৰে জন্মদিন পালন কৰিব, পৰিয়ালৰ সৈতে কি বিষয় আলোচনা কৰিব এইবোৰক লৈ আপোনাৰ মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই।
কিয়নো এই সকলোবোৰ কেনেকৈ হ’ব লাগে, কেনেকৈ কৰিব লাগে তাৰ দায়িত্ব লৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছে।
সংগঠনটোৱে শেহতীয়াকৈ আয়োজন কৰা ফেমিলি কাউন্সেলিং প্ৰগ্ৰেমৰ মূল বিষয়টোৱেই হৈছে এই ধৰণৰ ব্যক্তিগত কথা-বতৰাবোৰ।
যোৱা এপ্ৰিল মাহত আৰ এছ এছে আৰম্ভ কৰিছে এই আঁচনি। সমগ্ৰ দেশতে ঘৰে ঘৰে কৈ কিদৰে জীৱন কটাব লাগে, সেই বিষয়ে 'শিক্ষা’ দি ফুৰিছে সংগঠনটোৰ কৰ্মী আৰু সমৰ্থকসকলে। ফেচবুক, হোৱাটছএপতো আৰম্ভ কৰিছে এনে প্ৰচাৰ।
দেশৰ মানুহক ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ পাঠ দিবলৈ গৈ নিৰামিষ খোৱাৰ উপদেশো দিছে সংগঠনটোৱে। এই অভিযানৰ নাম দিয়া হৈছে 'কুটুম্ব প্ৰবোধন’। ২০১৯ চনৰ লোকসভা নিৰ্বাচন পৰ্যন্ত চলিব এই অভিযান।
গো-ৰক্ষাৰ নামত দেশৰ বিভিন্ন অংশত সংঘটিত হোৱা হিংসাত্মক ঘটনা ৰোধ কৰিবলৈকে হেনো এই অভিযান চলাইছে সংগঠনটোৱে।
⇒ তলৰ বাতৰিটো পঢ়িবলৈ ক্লিক কৰকঃ
►শিক্ষামন্ত্ৰী হিমন্তক এজন টেট শিক্ষকৰ প্ৰত্যাহ্বান
আৰ এছ এছৰ কৰ্মী আৰু তেওঁলোকৰ মহিলা শাখা ৰাষ্ট্ৰ সেৱিকা সংঘৰ কৰ্মীসকলে প্ৰতিটো পৰিয়ালৰ কাষলৈ গৈ বিদেশী আদৱ-কায়দা পৰিহাৰ কৰি সকলোকে নিৰামিষ খাদ্য খাবলৈ পৰামৰ্শ আগবঢ়াইছে।
কেৱল সিমানেই নহয়, পৰিয়ালৰ সৈতে অৱসৰৰ সময়ত ক্ৰিকেট বা ৰাজনীতিৰ বিষয়ে আলোচনা নকৰিবলৈকো কৈছে ৰাষ্ট্ৰ সেৱিকা সংঘৰ কৰ্মীসকলে। লগতে মহিলাসকলক উপদেশ দিছে কেৱল শাৰী পিন্ধিবলৈ।
আৰ এছ এছৰ স্পষ্ট মন্তব্য, 'সভ্য- সংস্কৃতিৱান ভাৰতীয় মহিলা হ’বলৈ হ’লে শাৰী পিন্ধিব লাগিব নিৰামিষ আহাৰ খাব লাগিব আৰু ক্ৰিকেট বা ৰাজনীতিৰ বিষয়ে আলোচনা কৰিব নালাগিব।