
ডিজিটেল ডেক্সঃ যোৱা ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছিল যে মহাত্মা গান্ধীৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন তেওঁ বাস্তৱয়িত কৰিবলৈ গৈ আছে।
কিন্তু ইয়াৰ বিপৰীতে বিজেপিৰ মন্ত্ৰণাদাতা আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে দেওবাৰে পুনেত তাৎপৰ্যভাৱে কয় যে 'কংগ্ৰছমুক্ত ভাৰত' এটা ৰাজনৈতিক শ্ল’গান। 'মুক্ত' শব্দটো ৰাজনীতিতহে ব্যৱহাৰ কৰা হয়, আৰএছএছে কাকো বহিৰ্ভূত কৰা শব্দ ব্যৱহাৰ নকৰে।
বিদেশ মন্ত্ৰালয়ৰ সচিব দ্যানেশ্বৰ মুলেৰ গ্ৰন্থ উন্মোচনী সভাত অংশ গ্ৰহণ কৰিছিল। হিন্দুত্ববাদী সংগঠনটোৱে দেশ গঠন প্ৰক্ৰিয়াত তেওঁলোকক বিৰোধিতা কৰাসকলকো অস্বীকাৰ নকৰে। সমাজত পৰিৱৰ্তন আনিবলৈ ধনাত্মক চিন্তাধাৰৰ প্ৰয়োজন বুলি কৈ তেওঁ একপ্ৰকাৰ প্ৰধানমন্ত্ৰী মোডীৰ ভাবধাৰাক আওকান কৰে।
ঋণাত্মক চিন্তাধাৰৰ লোক দেশ গঠন প্ৰক্ৰিয়াৰ বাবে মূঠেও সহায়ক নহয়। এনে লোকে সমাজত বিভেদ আৰু সংঘাতহে সৃষ্টি কৰে। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আৰএছএছৰ মুৰব্বীজনৰ এই মন্তব্যই কংগ্ৰেছক মানসিক শক্তি দিয়াৰ বিপৰীতে বিজেপিক কিছু পৰিমাণে হ’লেও সংযত হ’বলৈ বাধ্য কৰিব।