
কাকপথাৰঃ অসম-অৰুণাচল সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণকাণ্ড৷ আৰ এছ এছৰ এজন প্ৰচাৰকৰ বিৰুদ্ধে উত্থাপিত হৈছে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ৷ ইতিমধ্যে ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণকাৰী আৰ এছ এছৰ প্ৰচাৰকজনক গ্ৰেপ্তাৰ কৰিছে৷
প্ৰাপ্ত বাতৰি মতে, যোৱা ১৭ আগষ্টত অৰুণাচল প্ৰদেশৰ লাথাও জোনাথী গাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে আধাৰ কাৰ্ড সম্পৰ্কীয় কামত নামচাইলৈ আহে৷ সেই সময়তে নামচাই আৰ এছ এছৰ প্ৰচাৰক নৰেন্দ্ৰ সিং (৪৫) নামৰ লোকজনে ছাত্ৰীগৰাকীক অসৎ উদ্দেশ্যে পূৰণৰ বাবে দুই মাইলত থকা বাসগৃহলৈ লৈ যায়৷
এই বিষয়ে কোনো লোককে নকবলৈ কৈ এদিন নিজৰ লগত ৰাখি পিছদিনাহে ঘৰলৈ যাবলৈ দিয়ে৷ পুনৰ আকৌ ২০ আগষ্টত আৰ এছ এছৰ প্ৰচাৰক নৰেন্দ্ৰই নাবালিকাগৰাকীক ঘৰৰ পৰা মাতি আনি গাড়ীত উঠাই ছাত্ৰীগৰাকী অধ্যায়নৰত বিদ্যালয়খনৰে শিক্ষয়িত্ৰী অমেম পালেঙৰ ঘৰত নিশা কটায়৷
পিছদিনা নাৱালিকাগৰাকীক শদিয়াৰ অসম-অৰুণাচল সীমান্তৰ চূণপোৰা গেটত এৰি থৈ নিজৰ ফোন আগবঢ়াই দি পৰিয়ালৰ লোকক জনাবলৈ কয়৷ পৰিয়ালৰ লোকে ২২ আগষ্টত ছাত্ৰীগৰাকীক আনিবলৈ গৈ স্থানীয় লোকসকলক ঘটনা সম্পৰ্কে অৱগত কৰে৷
সবিশেষ জানিব পাৰি স্থানীয় ৰাইজে কাষতে লুকাই থকা নৰেন্দ্ৰ সিঙক উত্তম-মধ্যম শোধায় আৰক্ষীক গতাই দিয়ে৷ আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷
ইফালে আৰএছ এছ কৰ্মী গৰাকীৰ এনে নিকৃষ্ট কাণ্ডক গাপ দিয়াৰ বাবে সংগঠনটোৰ একাংশ বিষয়াই ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালক ভাবুকি প্ৰদান কৰাৰ লগতে বৃহৎ অংকৰ ধনৰ লেন-দেনেৰে আৰক্ষীক মেনেজ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
কঠোৰ সাধনা তথা ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে জীৱন-যাপনৰ অভ্যাস গঢ়ি তোলা বুলি দাবী কৰি অহা আৰ এছ এছৰ দৰে সংগঠন এটাৰ এজন প্ৰচাৰকে এনেদৰে নাবালিকাক ধৰ্ষণ কৰা ঘটনাই সংগঠনটোকো উক্ত অঞ্চলটোত অস্বস্তিত পেলাইছে।