হোজাইঃ ৭১ তম স্বাধীনতা দিৱস উপলক্ষে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত আজি হোজাইত সামূহিক দৌৰ অনুষ্ঠিত কৰা হয়। আজি পুৱা প্ৰায় ন’ বজাত হোজাইৰ বিষ্ণুপল্লীৰ গান্ধী বিদ্যাপীঠ হাইস্কুল প্ৰাংগণৰ পৰা এই সামূহিক দৌৰৰ আয়োজন কৰা হয়।

কার্যসূচীত হোজাইৰ গান্ধী বিদ্যাপীঠ হাইস্কুল, আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ হোজাই নিম্ন বুনিয়াদি বিদ্যালয়, শ্বহীদ অনিল বৰা প্ৰাথমিক বিদ্যালয় আদিৰ ছাত্ৰ-ছাত্ৰী লগতে স্থানীয় লোকসকলে অংশ গ্ৰহণ কৰে। হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া আদিয়ে এই সামূহিক দৌৰত অংশগ্ৰহণ কৰে।

ইফালে স্বাধীনতা দিৱস উপলক্ষে কালি হোজাই জিলা প্ৰশাসন আৰু হোজাই উন্নয়ন মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দুটা শাখাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্রাংকন প্ৰতিযোগতাৰ আয়োজন কৰা হয়। হোজাই পৌৰসভাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত এই প্ৰতিযোগিতাত হোজাইৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।