14
Aug
2017

বৰক্ষেত্ৰীঃ সমগ্ৰ দেশতে এতিয়া ৭১তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে৷ দেশৰ চৰকাৰ তথা চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে ইতিমধ্যে এদিন পুৰ্বৰ পৰাই বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা দেখা গৈছে৷
নলবাৰী জিলাৰ মুকলমুৱা মহকুমা প্ৰশাসনৰ উদ্যোগতো আজি সমূহীয়া দৌৰ আৰু বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুকালমুৱাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰক্তিম বৰুৱাই।
বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় পৰা আৰম্ভ কৰা দৌৰ কাৰ্যসূচীৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অন্ত পৰে। ৰাষ্ট্ৰীয় সংহতিৰ বাবে দৌৰ কাৰ্যসূচীৰ অন্তত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত বৃক্ষৰোপন কৰে বৰক্ষেত্ৰীৰ বিভিন্ন দল-সংগঠন আৰু কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে।