
newsnextone.com | নগাঁওঃ সমাজ, সাহিত্য-সংস্কৃতিৰ মঞ্চ ৰূপান্তৰৰ উদোগত নগাঁও জিলাৰ জলাহ গাঁৱত ১-১০ জুলাই লৈ অনুষ্ঠিত হোৱা অভিনয় আৰু নৃত্যৰ কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে।
নতুন প্ৰজন্মৰ মানসিক আৰু বৌদ্ধিক তথা সামাজিক বিকাশৰ বাবে আয়োজন কৰা কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ অন্তত জলাহ গাঁৱত অনুষ্ঠিত হয় শিশুৰ মেলাৰ। শিশু মেলাত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে অভিনয়, নৃত্য-গীত আৰু নাট পৰিবেশন কৰে।
এই শিশু মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিশু বক্তা তথা শিশু শিল্পী লোচন বৰা। শিশুসকলৰ সাংস্কৃতিক মন আৰু অভিভাৱকৰ সামাজিক দায়বদ্ধতা সম্পৰ্কে বক্তব্য আগবঢ়াই লোচন বৰাই। শিশু মেলা উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী দুলাল ভূঞাই। ৰূপান্তৰ প্ৰধান সম্পাদক যুৱ নাট্যকৰ্মী গৌৰাঙ্গ বৰাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত কৰ্মশালাত অংশগ্ৰহণ কৰা সকলক মানপত্ৰ প্ৰদান কৰা হয়।