ধিংঃ জিলেলে জিলেলে অ’ অ' জিলেলে/যাব গৈ লাগিব মই অৰুণাচললৈ৷ জনপ্ৰিয় গায়কগৰাকীয়ে গানটোত কোৱাৰ দৰে চাইকেল চলাই হয়তো আপুনি অৰুণাচললৈ যাব পাৰিব৷ 

নিশ্চয় অৰুণাচললৈ বহু দূৰ যদিও চাইকেলেৰে যেনে তেনে যাব পাৰিব৷ হয়তো আপোনাৰ সময় অলপ বেছি লাগিব৷ কিন্তু আপুনি নগাঁৱৰ সেই পথটোৰে চাইকেল চলাই যাম বুলি নাভাবিব৷

কিয়নো সেই পথটোত চাইকেল চলাব নোৱাৰি৷ জোঙা জোঙা শিল আৰু গাঁতৰ বাবে পথটোত আপুনি চাইকেল চলাব নোৱাৰিব, গাড়ী-মটৰটো দূৰৰে কথা৷ কিয়নো বছৰ বছৰ ধৰি পথটো মেৰামতি নোহোৱাৰ ফলত পথৰ গাতবোৰৰ পানীত মাছ পুহিব পৰা হৈছে৷ পাঁচ বছৰৰ মূৰে মূৰৰে নানা ভুৱা প্ৰতিশ্ৰতি দি ৰাইজৰ ভোট লৈ ৰাজনৈতিক দলবোৰে চৰকাৰ গঠন কৰে যদিও প্ৰতিশ্ৰতি সময়ত পালন কৰে নে ৰাজনৈতিক দলবোৰে?

চৰকাৰ সলনি হয় যদিও সলনি নহয় ৰাজ্যৰ আমোলা বিষয়া তথা কৰ্মচাৰী। বছৰ বছৰ ধৰি আমোলা বিষয়া তথা কৰ্মচাৰীৰ বিৰুদ্ধে আঁচনি ৰূপায়ণত উত্থাপন হয় লুন্ঠন চলোৱাৰ অভিযোগ। এনেকৈয়ে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ নগাঁও জাজৰি আৰু বৰমণিপুৰ সংযোগী পথটোৰ মেৰামতিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

জনপ্ৰিয় গায়কজনে কোৱাৰ দৰে পথটোত চাইকেল চলাব নোৱাৰি। চলালে ককালৰ বিষ উঠে পথচাৰীৰ৷ পথটোত এতিয়া ভূঁই ৰুব পৰা অৱস্থা। দীৰ্ঘদিনে শিল এটা নপৰা পথটোৰ বোকাত আজি ভূঁই ৰোৱে স্থানীয় মহিলাসকলে।

নগাঁও জাজৰি আৰু বৰমণিপুৰ সংযোগী পথটো বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে ৫ বছৰৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত মেৰামতিৰ বাবে ধন আবন্টন দিয়া হৈছিল। কিন্তু বৰ্তমানলৈকে এই পথটোত মেৰামতিৰ নামত এটা শিলগুটিও নেপেলালে বিভাগীয় ঠিকাদাৰে। 

পথটোৰ মেৰামতিৰ বাবে আবন্টন হোৱা সমুদায় ধন ঠিকাদাৰে কাম নকৰাকৈ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ নিৰ্বাচনৰ সময়ত ৰাইজৰ কাষলৈ ভোট বিচাৰি আহি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও, নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিৰ ৰাইজক পাহৰি যায় এইসকল নেতাই।