25
Nov
2017

দলংঘাটঃ অসম সাহিত্য সভাৰ ঔতলা শাখাৰ উদ্যোগত সাহিত্যক, সমাজসেৱক ঔতলা সাহিত্য সভাৰ ভৱন দাতা ত্ৰৈলোক্য নাথ দেৱশৰ্মাৰ স্মৃতি চাৰন সভা শনিবাৰে ঔতলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। পুৱা বন্তি প্রজ্বলন আৰু মাল্যৰ্পন কৰা হয়।
ঔতলা শাখা সাহিত্য সভাৰ সভাপতি নিৰ্মল চন্দ্ৰ নাথৰ সঞ্চালনাত স্মৃতি চাৰন সভা অনুষ্ঠিত হয়। সভা উদ্বোধন কৰে ঔতলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধনী ডেকাই। সভাত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কমল শৰ্মা, ঔতলা গাঁও পঞ্চায়তৰ সভাপতি কামিনি কাকতি শইকীয়া, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপেন্দ্ৰ নাৰায়ণ কোৱৰ৷
সভাত প্ৰয়াত শৰ্মাৰ সোঁৱৰণত এখন স্মৰনিকাও উন্মোচন কৰে ঔতলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেশ্বৰ বৰাই।