
চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ উদয়ন মধ্য ইংৰাজী বিদ্যালয়ত শনিবাৰে অসম সাহিত্য সভাৰ এখন সভা অনুষ্ঠিত হৈ যায়৷ জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুবোধ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আহ্বায়ক তথা উদয়ন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধাণ শিক্ষক দীননাথ দত্তই।
সভাত প্ৰতিনিধিৰ সৰ্ব্বসন্মতি মৰ্মে দীননাথ দত্তক সভাপতি, ভাস্কৰ মৰাণক উপ-সভাপতি, ধীৰাজ কোঁৱৰক সম্পাদক, উজ্জীৱন কোঁৱৰ আৰু উত্তম কুমাৰ শৰ্মাক সহঃ সম্পাদক, মন্টু ৰবিদাসক সাংগঠনিক সম্পাদক, মানস দাসক কোষাধ্যক্ষ, ডিম্পল গগৈক প্ৰকাশন সচিৱ/আলোচনী, মিঠুন দাসক কাৰ্যালয় সম্পাদক, ডিতু কোঁৱৰ, ৰেৱকান্ত দাস, হৰিকান্ত দুৱৰা, মনোজ চেতিয়া, ঋতুৰাজ দত্ত, হেমচন্দ্ৰ দত্ত, নিলোৎপল ডেকা, লক্ষীধৰ দাস, দ্বীপ সিং, লক্ষ্য দত্ত, বিতোপন কোঁৱৰ আৰু জিতুল দত্তক সদস্য হিচাপে লৈ ২১জনীয়া ৰহমৰীয়া শাখা সমিতি গঠন কৰা হয়।
সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক অজয় সিংহ, সাংগঠনিক সম্পাদক শুক্লধজ ফুকন, কাৰ্যনিৰ্বাহক সদস্য পুস্তক ফুকনে। শলাগৰ শৰাই আগবঢ়ায় হৰিকান্ত দুৱৰাই।