চামগুৰিঃ নগাঁৱত দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শিৰডী সাইবাবাৰ মহা সমাধিৰ শতবাৰ্ষিকী পালন কৰা হয়৷ নগাঁও জিলা শ্ৰী শিৰডী সাইবাবা সেৱান্যাসৰ উদ্যোগত শ্ৰী শিৰডী সাইবাবা মন্দিৰৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু মহা সমাধিৰ শতবাৰ্ষিকী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পুৱা ৭বজাত কাকড় আৰতি, পুৱা ৮ বজাত অভিষেক-হোম, পুৱা ১০-৫৪ বজাত সাই বাবা সৎ চৰিত্ৰ পাঠ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাত সাই চৰিত্ৰ পাঠ কৰে গুৱাহাটীৰ ডলী পাটোৱাৰীয়ে।

ইয়াৰ পাছতে প্ৰতাপ দাসৰ নেতৃত্বত ভাগৱত পাঠ, নগাঁও ব্যপিষ্ট মিছনেৰীৰ ফাদাৰ হেমন্ত গোল্ডস্মিথ পোষ্টে বাইবেল পাঠ কৰাৰ লগতে পুৰণিগুদাম বৰ মছজিদৰ মৌলানা কাড়ি আলিউল্লাই কোৰান পাঠ, বৰকোলাৰ শিখ গুৰুদ্বাৰৰ কিছু সিংহ, জচধাৰ সিংহ, ভকত সিংহ, মনফুৰ সিংহ আৰু নিৰ্মল সিংহই গুৰু গ্ৰন্থ চাহেবে পাঠ কৰাৰ পাছতে শ্ৰী শিৰডী সাইবাবা পাল্কী যাত্ৰা আৰম্ভ কৰা হয়।

পুৰণিগুদামৰ শ্ৰী শিৰডী সাইবাবা মন্দিৰৰ পৰা নগাঁও চহৰলৈ পাল্কী যাত্ৰা আৰম্ভ কৰি পুণৰ মন্দিৰলৈ ঘুৰি আহে৷ পাল্কী যাত্ৰাত লোককৃষ্টি, কলা-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠানে অংশ গ্ৰহণ কৰা দেখা যায়৷