
নাৰায়ণপুৰঃ অক্ষমতা ওফৰাই আগবাঢ়িব বিচৰা এজন যুৱক। জন্মগতভাৱে দৃষ্টিহীন এই যুৱকজন মাজুলী জিলাৰ জকাইবোৱা গাঁৱৰ শৈলেন পায়েং। অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজনৰ কণ্ঠত প্ৰাণ পাই উঠে বহু ন-পুৰণি গীত। এটা এলুমিনিয়ামৰ চৰিয়া বাদ্য হিচাপে লৈ সুন্দৰকৈ গাব পাৰে হিন্দী, অসমীয়া সকলো গীত। এক সুন্দৰ কণ্ঠৰ গৰাকী এই দৃষ্টিহীন শৈলেন পায়েং। সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰবল ধাউতি শৈলেনৰ।
এজন ভাল গায়ক হোৱাৰ সপোন দেখে এই শৈলেন পায়েঙে। বিভিন্ন ঠাইত গান গোৱাৰ হেঁপাহ পুহি ৰাখিছে তেওঁ। দৃষ্টিহীন আৰু অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ বাবেই সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ অসমৰ্থ শৈলেন।
বিহপুৰীয়া অন্ধ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে নৱম শ্ৰেণীতে পঢ়া সামৰে শৈলেনে। তেতিয়াৰে পৰা এটা চৰিয়াকে বাদ্য হিচাপে লৈ বিভিন্ন ঠাইত গান গাই দৰ্শকৰ মন জয় কৰি আহিছে। নিজে দুটাকৈ মিছিং গান ৰচনা কৰিছিল যদিও গান কেইটা ইতিমধ্যে চুৰি কৰি কোনোৱে গাই বেছ জনপ্ৰিয়তা পাবলৈ সক্ষম হৈছে বুলি জনাইছে শৈলেনে।
দৃষ্টিহীন হোৱাৰ বাবে প্ৰতি মুহূৰ্ততে কোনো এজন লোক সাৰথি হিচাপে থাকিব লাগে শৈলেনৰ। এফালে শাৰীৰিক অক্ষমতা, আনফালে দৰিদ্ৰতাই কোঙা কৰা শৈলেন কিন্তু সম্পূৰ্ণ আত্মবিশ্বাসী। কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ। কাহানিও পৃথিৱীখন দেখি নোপোৱা শৈলেনে অনুভৱ কৰিব পাৰে পৃথিৱীৰ সৌন্দৰ্য। ছ'চিয়েল মিডিয়াতো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে শৈলেনে।
প্ৰতিবন্ধীসকলৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি আছে যদিও আজি পৰ্যন্ত কোনো সাহায্য লাভ কৰা নাই এই দৃষ্টিহীন শৈলেন পায়েঙে। গান গাই দুই-এটকা পোৱাৰ লগতে, পিতৃ-মাতৃৰ দিন হাজিৰা কৰা টকা কেইটাৰে দুখীয়া পৰিয়ালটি কোনো মতে চলি আছে। চৰকাৰে সহায় আগবঢ়ালে উপকৃত হ'ব বুলি আশা কৰে দুৰ্ভগীয়া শৈলেন পায়েঙে।