ডিজিটেল ডেস্কঃ যোৱা ০৫ এপ্ৰিলত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ 

জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে জেলৰ ২ নং ৱাৰ্ডত আছে ছলমান খান৷ বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলমানক৷
 
বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন কৰিছিল আৰু শুকুৰবাৰে জামিন আৱেদনৰ শুনানি অনুষ্ঠিত হৈছিল৷

খবৰ মতে, ছলমান খানক শাস্তি ঘোষণা কৰা আৰু জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশক বদলি কৰা হয়৷ ছলমান খানৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰা ৰবীন্দ্ৰ কুমাৰ যোশীৰ ঠাইত চন্দন কুমাৰ চংৰাক নিযুক্তি দিয়ে৷ ছলমান খানক ৫ বছৰৰ শাস্তি ঘোষণা কৰা ন্যায়াধীশ দেৱ কুমাৰ খট্টীকো বদলি কৰা হয়৷ শুকুৰবাৰে ৰাজস্থানত চেচন আৰু জিলা আদালতৰ ৮৭ গৰাকী ন্যায়াধীশক বদলি কৰে৷

বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন কৰিছিল যদিও জামিনৰ ৰায় এদিনৰ বাবে স্থগিত ৰখা হৈছিল৷ শনিবাৰে দুপৰীয়াৰ আহাৰৰ গ্ৰহণৰ পাছত জামিনৰ ৰায় ঘোষণা কৰিব জোধপুৰ আদালতে৷