ডিজিটেল ডেস্কঃ জোধপুৰ আদালতে জামিনত মুক্তি দিলেও বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বিদেশ ভ্ৰমণত বাধা আহি পৰিল৷ কিয়নো যেতিয়াই ছলমান খানে বিদেশ ভ্ৰমণ কৰিব তেতিয়াই আদালতৰ অনুমতি লব লাগিব৷ 

আদালতে অনুমতি প্ৰদান নকৰিলে ছলমানে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ কেইবাখনো বিগ বাজেটৰ ছবিৰ শ্বুটিং ছলি থকাৰ ফলত ছলমানে বিদেশত যাব লাগিব যদিও আদালতৰ অনুমতি নাপালে বিদেশ ভ্ৰমণত বাধা আহিব৷ বলিউডৰ প্ৰায় ১০০০ কোটি টকা টকা ছলমানে অভিনয় কৰা ছবিত নিয়োগ কৰিছে কেইবাগৰাকী পৰিচালকে৷ 

ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত দ্বিতীয়টো নিশা কটােৱাৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব বলিউডৰ চল্লু ভাই৷ জোধপুৰ চেচন আদালতত উভয় পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত জামিন সন্দৰ্ভত এই সিদ্ধান্ত লয় ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে। ৰায় ঘোষণাৰ পূৰ্বে ছলমানৰ ভগ্নী আলবিৰা আৰু অৰ্পিতা আদালতত উপস্থিত হয়৷

সন্ধিয়াৰ পূৰ্বেই জেলৰ পৰা ওলাই অহাৰ সম্ভৱনা আছে৷ বিদেশ ভ্ৰমণ সন্দৰ্ভত আগতীয়া অনুমতি লব লাগিব বুলি ন্যায়ালয়ে স্পষ্ট কৰে ছলমানৰ অধিবক্তাক৷ শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন দাখিল কৰিছিল যদিও জামিনৰ ৰায় এদিনৰ বাবে স্থগিত ৰখা হৈছিল৷ 

শনিবাৰে পুৱা ৯.৩০ বজাত ৰাজস্থানৰ জোধপুৰ জিলা-চেচন আদালতৰ ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশী আদালতত উপস্থিত হয়৷ কিছুসময় পাছতেই উপস্থিত হয় ছলমান খানৰ অধিবক্তা হাষ্টিমল শ্বৰচৱাতে৷ জামিন আৱেদনৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হৈ গৈছিল বাবে কেৱল ছলমান খানৰ জামিনৰ ৰায় ঘোষণা কৰি জামিনত মুক্তি দিয়ে ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে৷

ছলমানৰ অধিবক্তা হাষ্টিমল শ্বৰচৱাতে শনিবাৰে জামিনৰ ৰায়ৰ শুনানিৰ অন্তত আদালতৰ পৰা ওলাই আহি আমি আমাৰ যুক্তি ৰাখিলো এতিয়া জামিনৰ ৰায় দিব ন্যায়াধীশে৷ দুপৰীয়াৰ আহাৰৰ গ্ৰহণৰ পাছত ৰায় ঘোষণা কৰিব জোধপুৰ আদালতে বুলি মন্তব্য আগবঢ়াইছিল৷

আনহাতে আদালত বাহিৰত ছলমান অধিবক্তাই জামিনৰ সকলো চৰ্ত ছলমানে মানি লোৱা বুলি কয়৷ জোধপুৰৰ আদালত বাহিৰত ছলমানৰ ফেন প্লেকাৰ্ড লৈ থিয় হৈ থকা দেখা যায়৷

০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷ 

জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত আছিল ছলমানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছিল৷  

যোৱা ০৫ এপ্ৰিলত জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলমানক৷