
দক্ষিণ শালমাৰাঃ স্বাধীনতা আমাৰ বুকুৰ গৌৰৱ৷ স্বাধীনতা আমাৰ ভৱিষ্যত৷ স্বাধীনতা নীল আকাশত উৰা মুকলি চৰাইটোৰ নাম৷
এইবাৰ স্বাধীনতা দিৱসৰ দিনা ছ'চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছিল৷ এবুকু পানীত কেইটিমান স্বাধীন পিয়াসী মনে সদম্ভে থিয় হৈ ত্ৰিৰংগা পতাকাখনক চ্যেলুট জনাই থকা ফটোখন সকলোৱে দেখিছিল৷
নিজৰ দেশৰ প্ৰতি কিমান ভালপোৱা থাকিলে এনেদৰে এবুকু পানীত থিয় হৈ স্বাধীনতা পালন কৰিব পাৰি৷ দুটি শিশু আৰু এজন শিক্ষক৷ বুকুত স্বাধীনতা উদযাপনৰ দূৰন্ত হাবিয়াস৷ এই ফটোখনি আছিল মানকাচাৰ দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অধীনস্থ ১১৮৫ নং নস্কৰা এল পি স্কুলৰ প্ৰাংগণৰ৷
ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে জনপ্ৰিয় হৈ পৰা ফটোখনত থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক তাজিম শিকদাৰ আৰু কণমানি দুজনক তেওঁলোকৰ সাহস আৰু দেশভক্তিৰ বাবে অলপতে দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৱে অভিনন্দন জ্ঞাপন কৰে আৰু শিক্ষকগৰাকীৰ মহানুভৱতাক কৃতজ্ঞতা জনায়৷