
চামগুৰিঃ দৰিদ্ৰতাৰ কঢ়াল গ্ৰাসে যেন আজিৰ যুগত নি:শেষ কৰিছে কৰিছে মানৱতা। খৰি-খেৰ আৰু পৰিয়ালৰ সহযোগিতাৰ অভাৱৰ বাবেই নিজ পত্নীক সৎকাৰ কৰিব নোৱাৰিলে এজন বৃদ্ধই। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ চামগুৰিৰ আমগুৰিত। পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা।
চামগুৰিৰ আমগুৰিৰ গনেশ লোহাৰ নামৰ এগৰাকী ব্যক্তিৰ পত্নী মাইনু এক্কা লোহাৰ নামৰ মহিলাগৰাকীৰ দীৰ্ঘদিন শাৰীৰিক অসুস্থতাত ভোগাৰ পাছতেই দেওবাৰে পুৱাই মৃত্যু হয়। ইয়াৰ পাছতেই সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা। দেওবাৰে পুৱাই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে বিয়লি পৰ্যন্ত পৰিয়ালকেন্দ্ৰিক বিবাদৰ বাবেই সৎকাৰ কৰিবলৈ পৰিয়ালৰ কোনো লোক নহাৰ লগতে গনেশ লোহাৰক একাষৰীয়া কৰি থোৱাৰ বাবেই ২০ হাজাৰ টকা দিলেহে সৎকাৰৰ ব্যৱস্থা কৰা হ’ব বুলি পৰিয়ালৰ লোকে গনেশ লোহাৰক অৱগত কৰে বুলি ব্যক্তিজনে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে।
ইয়াৰ পাছতেই উপায়ন্তৰ হৈ কোনোলোক আগবাঢ়ি নহাৰ লগতে, খড়ি-খেৰৰ অভাৱত সৎকাৰৰ ব্যৱস্থা কৰিব নোৱাৰি গনেশ লোহাৰে পত্নীক বাৰিৰে নাদত পেলাই মাটিৰে পুটি থয়। পাছত সমগ্ৰ ঘটনা পোহৰলৈ অহাত স্থানীয় গাঁওবুঢ়াই আৰক্ষী-প্ৰশাসনক খবৰ দিয়ে।
উক্ত খবৰৰ ভিত্তিক আৰক্ষী-প্ৰশাসনৰ উচ্চপদস্থ বিষয়া সহ অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইমানৰ পিছতো অৱশ্যে মৰনোত্তৰ পৰীক্ষাৰ অন্ততহে লক্ষণীয় হ’ব যে পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰে মৃত মহিলাগৰাকীৰ সৎকাৰৰ ক্ষেত্ৰত।