চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ মফচলীয়া সাংবাদিক সকলৰ সংগঠন সংযুক্ত সাংবাদিক সন্থাৰ সোমবাৰে এখন বিশেষ সভা অনুষ্ঠিত হয়৷ নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চলৰ ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ গৰিষ্ঠ সংখ্যক সাংবাদিকৰ উপস্থিতিত চামগুৰি পৰিদৰ্শন ভৱনত অনুষ্ঠিত হয়৷

চামগুৰিৰ জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাই সভাপতিত্বত অনুষ্ঠিত সভাত জ্যেষ্ঠ সাংবাদিক নীলৰঞ্জন শৰ্মাই উদ্দেশ্য আৰু ব্যাখ্যা কৰে৷ সংযুক্ত সাংবাদিক সন্থা চমুকৈ "উকাচ"ৰ সংবিধান সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয় সভাত৷ সভাত বৃহত্তৰ চামগুৰি অঞ্চলৰ সকলa সাংবাদিক একত্ৰিত হৈ যুক্তিনিষ্ঠ সংবাদ পৰিৱেশনৰ লগতে অৰ্থ-সামাজিক উন্নয়নৰ হকে আৰু সুস্থ সমাজ গঢ়াৰ লক্ষ্যৰে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে৷

সভাত আগন্তক দুবছৰীয়া কাৰ্যকালৰ বাবে প্ৰদীপ বৰাক সভাপতি, নৱজ্যোতি বৰাক কাৰ্যকৰী সভাপতি, কাবুল কলিতাক উপ-সভাপতি, নীলৰঞ্জন শৰ্মাক সাধাৰণ সম্পাদক, ভাৰ্গৱ হাজৰিকাক সহকাৰী সম্পাদক, দুলাল শৰ্মাক সাংগঠনিক সম্পাদক, দিব্যজ্যোতি ভূঞাক সাংস্কৃতিক সম্পাদক, কৃষ্ণ শইকীয়াক সহকাৰী সাংস্কৃতিক সম্পাদক, দিগন্ত ভূঞাক কাৰ্যালয় সম্পাদক, জিতুমণি শইকীয়াক সহকাৰী কাৰ্যালয় সম্পাদক, শ্যামেন্দ্ৰ বৈৰাগী, নয়ন মণি বৰা, প্ৰিন্স হ'ক, অজয় পাটৰ হোকাই, ইদ্ৰিছ আলিক কাৰ্যনিবাহক সদস্য হিচাপে লৈ সংযুক্ত সাংবাদিক সন্থাৰ পূৰ্ণাংগ সমিতি খন গঠন কৰা হয়৷