ষড়ানন বৰা, চামগুৰিঃ সমাজ সংস্কাৰৰ লক্ষ্য আৰু অসম গৌৰৱ এশিঙীয়া গঁড হত্যা ৰোধ কৰাৰ মানসেৰে মঙলবাৰে নগাঁও জিলাৰ পুৰণিগুদাম জলাহগাঁৱত ড° ৰাজেন্দ্ৰ প্ৰসাদ পুথিভৰাঁলে ৰাভা সংগীত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি আয়োজন কৰিলে এক ব্যতিক্ৰমী কাৰ্যসূচী। গঁড় হত্যা ৰোধ আৰু সমাজ সংস্কাৰৰ মানসেৰে হাতত ৰঙ-তুলিকা লৈ কেনভাছত চিত্ৰ অংকনেৰে সমাজ সংগঠিত কৰাৰ লক্ষ্যৰে উলাই আহিল এদল চিত্ৰশিল্পী।

ড° ৰাজেন্দ্ৰ প্ৰসাদ পুথিভৰাঁলৰ ব্যৱস্থাপনাত আয়োজন কৰা উক্ত কাৰ্যসূচীটো বিশিষ্ট চিত্ৰশিল্পী বিপুল কুমাৰ বৰাই শুভ উদ্ধোধন কৰাৰ লগতে অনুষ্ঠানটোত অংশগ্ৰহন কৰে চিত্ৰশিল্পী প্ৰনৱ কুমাৰ শৰ্মা, শেৱালী বৰদলৈ, জ্যোতিকা বৰা ভূঞা আৰু বন্দিতা খাকলাৰীয়ে৷ ইয়াৰ পাছতেই কণ-কণ শিশু তথা ৰাইজক বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব বাবে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাৰ দ্বাৰা এখন প্ৰৰ্দশনী অনুষ্ঠিত হয়।

উক্ত প্ৰদৰ্শনী অনুষ্ঠানটিৰ চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মাৰাকে শুভ উদ্ধোধন কৰে। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰাজীৱ শইকীয়া, ৰাণাজ্যোতি শইকীয়া, ৰূপক শইকীয়া আৰু সুনিল শইকীয়াৰ পৰিচালনাত কুইজ, চিত্ৰাংকন, ৰচনাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ২ বজাত এখন মুকলি তথা বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষবিদ ধীৰেন্দ্ৰ নাথ শইকীয়াই। পুথিভৰাঁল সমিতিৰ সম্পাদক সঞ্জীৱ শইকীয়াই আঁত ধৰা সভাখনতেই বন্যপ্ৰাণীৰ হৈ নি:স্বাৰ্থভাৱে কাম কৰি অহা বিনোদ দুলু বৰা আৰু যোগসাধনাৰে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত সোণ-ৰূপৰ পদক অৰ্জন কৰা অংকিতা শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে ক্ৰমে কবি সাহ্যিতিক বসন্ত কৌশিক ভাগৱতী, সাংস্কৃতিক কৰ্মী কুলপ্ৰদীপ দাস, বনশ্ৰী শৰ্মা কলিতা, উদীয়মান সুবক্তা ময়ুৰী শইকীয়া আৰু অৰুণ শইকীয়াই।

সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী পল্লব কলিতা, পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল দাস, নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, বন বিষয়া প্ৰভাত বৰা, সাংবাদিক তপন কটকী, জয়ন্ত বৰা, নয়ন মনি বৰা, শিক্ষক গোলাপ শইকীয়া, শিক্ষক নৱজ্যোতি বৰা, ৰূপক শইকীয়া, মেঘন্না বৰা, স্বপ্না বৰা, ঘণশ্যাম শইকীয়া, উপেন শইকীয়া, সুনিল শইকীয়া, ভাস্কৰ শইকীয়া, ডিম্বেশ্বৰ শইকীয়া, ধৰণী শইকীয়া, ৰাজীৱ শইকীয়া, ত্ৰিদিপ শইকীয়া আৰু ৰাজু শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

সভাৰ অন্তত সদৌ অসম ভিত্তিত এখনি ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাৰ ক শাখাত ক্ৰমে হৃষিকেশ বৰাই প্ৰথম স্থান, চিন্ময় শইকীয়াই দ্বিতীয় স্থান দখল কৰাৰ লগতে খ শাখাত দেবানুপম কলিতাই প্ৰথম স্থান, কস্তুৰী দেবীয়ে দ্বিতীয় স্থান আৰু ৰাজনন্দিনী বৰাই তৃতীয় স্থান লাভ কৰে। উল্লেখ্য যে, অনুষ্ঠান আৰম্ভণিৰ পূৰ্বে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যপৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত স্থানীয় সমাজ সেৱক অৰুণ শইকীয়াই অংশগ্ৰহন কৰে।