
চামগুৰিঃ প্ৰেমৰ দিনাটোতে নগাঁৱৰ চামগুৰিত ৰঙাঘৰৰ আলহী হ'ল এজন দুৰ্দ্দান্ত ফেচবুক প্ৰেমিক। ফেচবুকৰ জৰিয়তে চামগুৰিৰ এগৰাকী যুৱতীৰ সৈতে চিনাকী হৈ চলেৰে এপষেক পূৰ্বে যুৱতীগৰাকীক অপহৰণ কৰি বৃহস্পতিবাৰে অৰ্থাৎ ভেলেন্টাইন ডে'ৰ দিনাই আৰক্ষীৰ জালত পৰিল নগাঁও চহৰৰ অভিযুক্ত যুৱক পংকজ গগৈ।
উল্লেখ্য যে, চামগুৰিৰ অপহৃত যুৱতীগৰাকীক ফেচবুক প্ৰেমিক পংকজে প্ৰথম অৱস্থাত তেজপুৰ বিভিন্ন স্থানত কেইবাদিনো আবদ্ধ কৰি ৰাখি যুৱকজনৰ পৰিয়ালৰ সহযোগত কেইদিনমান পূৰ্বে নিশা যুৱতীগৰাকীৰ পদূলিত নমাই থৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে অপহৃতা যুৱতীগৰাকীয়ে।
যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই আজি শিৱসাগৰৰপৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত প্ৰেমিক পংকজক। ইফালে যুৱকজন পূৰ্বৰেপৰা বিবাহিত হোৱাৰ উপৰিও এটি সন্তানৰ পিতৃ বুলিও চামগুৰি আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ অহাত সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ চামগুৰিতে।
অৱশ্যে আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত অভিযুক্ত প্ৰেমিক পংকজ গগৈক বৃহস্পতিবাৰে বিয়লি নগাঁও জিলা আদালতত জাহিৰ কৰোৱাত যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে।