
ষড়ানন বৰা, চামগুৰিঃ অসমৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰিবলৈ সাজু অসমৰ প্ৰথমটো গঁড় সুৰক্ষা বাহিনীৰ জোৱানৰ দল।
গঁড় হত্যা ৰোধৰ বাবে উন্নত মানৰ প্ৰশিক্ষণৰে হাতত আধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ সাজু হৈছে অসমৰ প্ৰথমটো গঁড় সুৰক্ষা বাহিনীৰ জোৱানৰ দল।
সমৰকলা বিশেষভাৱে ৰণকৌশল, ভূমি কৌশল আদি সকলো দিশতে পাৰ্গত কৰি গঁড় সুৰক্ষাৰ বাবে সাজু কৰি তুলিছে এই বিশেষ দলটোক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ দায়িত্ব দিয়া হ’ব এই বিশেষ দলটোক।
শুকুৰবাৰে নগাঁৱৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীত Special RHINO PROTECTION FORCE নামৰ বিশেষ দলটোৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, নগাঁও জিলা উপাযুক্ত যাদৱ শইকীয়া, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি, নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক ৰাজমোহন ৰায়ৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।