08
Jun
2019

চামগুৰিঃ গাঁও জিলাৰ ৰূপহীহাটত ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে একাধিক চুৰি কাণ্ডৰ ঘটনা। শুকুৰবাৰে নিশাও উত্তৰ খাটোৱালৰ এঘৰত চলিল চোৰৰ চাফাই অভিযান। স্থানীয় ব্যবসায়ী মনজুৰ হুছেইনৰ বাসগৃহৰপৰা নিশা চোৰে লুটি নিয়ে নগদ ২৫ হাজাৰ টকাসহ ৩ লক্ষাধীক টকাৰ মূল্যবান আ-অলংকাৰ।
পৰিয়ালটোৰ সকলো শুই থকাৰ সুযোগলৈ নিশা ঘৰৰ বেৰ কাটি প্ৰৱেশ কৰা চোৰৰ এটা দলে সন্তৰ্পণে চলালে ব্যাপক লুট-পাট। ইফালে প্ৰায় এক কিলোমিটাৰ নিলগ থকা গড়াজান আৰক্ষী চকীৰ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে অঞ্চলটোত চোৰে এনেদৰে বেপৰোৱাহভাৱে চুৰি কাৰ্য চলোৱাৰ সুবিধা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিলে ভুক্তভোগি পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে।
অৱশ্যে পুৱাতে আৰক্ষী ভুক্তভোগি পৰিয়ালটোৰ ঘৰত উপস্থিতহৈ সমগ্ৰ চুৰি কাণ্ডৰ সন্দৰ্ভত আৰম্ভ কৰিলে প্ৰাৰম্ভিক তদন্ত।