মৰিগাওঁঃ গ্ৰন্থই সমাজৰ অস্থিৰতাৰ অৱসান ঘটাই শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। জগত থাকে মানে গ্ৰ্ন্থৰ আদৰ আৰু জনপ্ৰিয়তা সদায় থাকিব। মৰিগাওঁ চহৰৰ পবিতৰাহাটত বুধবাৰে দুপৰীয়া নৱপ্ৰজন্মৰ জনপ্ৰিয় লেখক লক্ষ্যজ্যোতি নাথৰ ৰচিত গ্ৰন্থ 'সমকাল’ উন্মোচন কৰি অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই মন্তব্য কৰে।

স্থানীয় স্বেচ্ছাসেৱী স্ংগঠন 'সহায়’ আৰু সাহিত্য-সামজিক অনুষ্ঠান 'শব্দকল্প’ৰ উদ্যোগত তথা সাহিত্যিক মিলেশ্বৰ পাটৰৰ সভাপতিত্বত এই গ্ৰ্ন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

শিক্ষাবিদ নৰেন্দ্ৰ নাথ কেওঁট, সাহিত্যিক ড. নৱকান্ত বৰদলৈ, পূৰ্ণকান্ত দেউৰী, প্ৰাক্তন মন্ত্ৰী বুবুল দাস, মৰিগাওঁ জিলা সাহিত্য সভাৰ সভাপতি হৰেন্দ্ৰ বৰা, জিলা সাংবাদিক সংন্থাৰ সভাপতি বিৰিঞ্চি শৰ্মাকে প্ৰমূখ্যে বহু সংখ্যক লোকে অংশ লয়।