
দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈত দেওবাৰে শিশু, আই-মাতৃ আৰু যুৱ সমাৰোহৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য মঙলদৈ শাখাৰ চলিত বৰ্ষৰ সমাৰোহ খন দেওমৰনৈ প্ৰাথমিক শাখাৰ উদ্যোগত পাতিদৰং মিলন সেৱক সংস্কৃতি সংঘ আৰু পুথিভড়াল প্ৰাংগনত অনুষ্ঠিত হৈ যায়।
কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন,পৰিৱেশ নিকাকৰণ, শৰাই নিবেদন, সমূহীয়া নাম প্ৰসঙ্গৰ লগতে ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য মঙলদৈ শাখাৰ সভাপতি কন্ঠিৰাম ডেকাই। বৃক্ষৰোপন কৰে পাতিদৰং গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ শৰ্মা, অমৃত চন্দ্ৰ গোস্বামী, সমাজকৰ্মী সাধিৰাম ডেকা, মহেন্দ্ৰ শইকীয়া আৰু বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ সম্পাদক দিব্যজ্যোতি শৰ্মাই৷
দিনৰ ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ সম্পাদক ভদ্ৰেশ্বৰ ডেকাই উদ্বোধন কৰা সাংস্কৃতিক সমাৰোহ সঞ্চালনা কৰে মধ্য মঙলদৈ শাখাৰ উপদেষ্টা ধীৰেশ্বৰ ডেকাই। সন্ধিয়া ৭ বজাত সাংস্কৃতিক কাৰ্যসুচী উদ্বোধন কৰে পাতিদৰং গাঁৱৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী মহেশ ৰাজবংশীয়ে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মধ্য মঙলদৈ আঞ্চলিক সাংস্কৃতি শাখাৰ সভাপতি মৃত্যুঞ্জয় ডেকাই আঁতধৰা সমাৰোহত দৰং জিলাৰ ২১টা শাখাই অংশগ্ৰহণ কৰে।