
কোকৰাঝাৰঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীৰ সতে সংগতি ৰাখি দেওবাৰে তেজপুৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ড০ ভূপেন হাজৰিকা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত প্ৰতিভাৱান শিল্পী সুৰজিৎ মহন্তৰ "সময়" শীৰ্ষক শ্ৰব্য সঁফুৰা মুকলি কৰা হয়।
মুঠ আঠোটি গীতৰ শ্ৰব্য সঁফুৰাখনত কণ্ঠদান কৰিছে সুৰজিৎ মহন্তই। সহযোগী শিল্পী হিচাপে চয়নীকা কৌশিকেও কণ্ঠদান কৰিছে । গীতৰ কথা-সুৰ সুৰজিৎ মহন্তৰ। গুৱাহাটীৰ অডিটেক আৰু চিকমিক ষ্টুডিঅ'ত বাণীবদ্ধ কৰা শ্ৰব্য সঁফুৰা "সম"ত সংগীত ব্যৱস্থাপনা কৰিছে জনপ্ৰিয় সংগীতকাৰ ক্ৰমে পৰাণ বৰকটকী, বিপ্লৱ গোস্বামী, সিদ্ধাৰ্থ দাস, পৰীক্ষিত কলিতা আৰু ৰণদা শৰ্মাই।
তেজপুৰ সাহিত্য সভা ভৱনত "সময়" শীৰ্ষক শ্ৰব্য এলবামটো মুকলি কৰি বিশিষ্ট গীতিকাৰ-সুৰকাৰ বংকীম শৰ্মাই সাম্প্ৰতিক কালৰ হুলস্থুলীয়া আৰু তৰল গীতৰ বিপৰীতে "সময়" এলবামত সুমধুৰ সংগীতৰে পৰিপুষ্ঠ অৰ্থবহ আৰু বাৰ্তাবাহক তথা জীৱনৰ বিভিন্ন দিশ সাঙুৰি লোৱা আঠোটা শ্ৰুতিমধুৰ গীত সন্নিবিষ্ট হৈছে বুলি সদৰি কৰে ।
"সময়" সংগীত জগতৰ অনবদ্য অৱদান বুলি মন্তব্যৰে শ্ৰোতা ৰাইজৰ মাজত এলবামটোৱে সমাদাৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে বিশিষ্ট গীতকাৰ-সুৰকাৰ বংকীম শৰ্মাই। আজিৰ গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু গায়িকা দূৰ্গাময়ী বৰাও উপস্থিত থাকি এলবামটিৰ সন্দৰ্ভত ধনাত্মক আশা ব্যাক্ত কৰে।