চামগুৰিঃ হিন্দী চিনেমাৰ ভিলেইনৰ কাইদাৰে গাড়ীৰে চোঁচৰাই ছাগলী চোৰৰ এটা দলে শনিবাৰে নিশা চামগুৰিৰ বৰমাবিলত সংঘটিত কৰা এক লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত জালত পৰিল চামগুৰি আৰক্ষীৰ।

আৰক্ষীয়ে নিশা নগাঁৱৰ লাওগাঁৱৰপৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত আনাৰুল হক নামৰ ঘটনাৰ সৈতে জড়িত এটাক।

ধৃত আনাৰুলৰ এল্ট' গাড়ীখন ব্যৱহাৰ কৰিয়ে ছগলী চোৰৰ দলে শনিবাৰে নিশা বৰমাবিলত গাড়ীত বান্ধি চোঁচৰাই হত্যা কৰিছিল গৃহস্থ আব্দুল হাইকক।

হত্যাকাণ্ডত ব্যৱহৃত এল্ট' গাড়ীখনৰ লগতে এখন মটৰ চাইকেলো আৰক্ষীয়ে জব্দ কৰে নগাঁৱৰ খুটিকটীয়াৰ এটা গেৰেজৰপৰা। ইফালে লোমহৰ্ষক হত্যাৰ লগত জড়িত চামগুৰিৰ লাইলুৰিৰ ৰুমিজুল ইছলাম, নগাঁৱৰ লাওগাঁৱৰ আব্দুল কাদিৰৰ লগতে আন কেইবাটাও বৰ্তমানে পলাতক অৱস্থাত আছে।

অৱশ্যে পলাতক অভিযুক্ত কেইজনৰ সন্ধানত সম্প্ৰতি অনুসন্ধান অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে।