28
Dec
2018

চামগুৰিঃ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মৃত্যুৰ কিৰিলি। সৰু-বৰ বহু পথ দুৰ্ঘটনা ইতিমধ্য বিগত কেইদিনত চামগুৰিত নিহত-আহত হৈছে কেইবাজনো লোক।
বৃহস্পতিবাৰে নিশাও চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত পুনৰ সংঘটিত হ'ল এক শোকাবহ পথ দুৰ্ঘটনা।
এখন বাহনে খুন্দা মৰাৰ ফলতেই থিতাতে নিহত হয় এজনৰ। নিহত লোকজন স্থানীয় থুলেশ্বৰ দাস বুলি ইতিমধ্য পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।
উল্লেখ্য যে, নিশা ৰাজপথ পাৰ হ'ব বিচাৰোতেই বাহনখনে মহটিয়াই নিয়াৰ ফলতেই এই বয়সীয়াল লোকজনৰ মৃত্যু হয়।
ইতিমধ্য আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ কৰিছে। অৱশ্যে চামগুৰি আৰক্ষীয়েও অভিযান চলাই নগাঁৱৰ কাষৰিগাঁৱৰপৰা এখন সন্দেহজনক যাত্ৰীবাহী ট্ৰেভেলাৰ জব্দ কৰিছে।