গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে আছুৱে মংগলবাৰে আহ্বান জনোৱা অসম বন্ধক সমৰ্থন আগবঢ়ালে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে।

সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আছুৱে আহ্বান জনোৱা বন্ধক সমৰ্থন জনোৱাৰ বিষয়ে জানিবলৈ দিয়ে পৰিষদৰ সভাপতি ৰাজেন ডেকা আৰু সম্পাদক তথা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰসহ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ষড়ানন বৰাই।