চামগুৰিঃ চামগুৰিৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ এজন শ্ৰমিক ৰহস্যজনক অৱস্থাত নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে ২নং ভাটিয়াখালি গাঁৱত।

গাঁওখনৰ গাজিবুৰ ৰহমান নামৰ লোকজন পত্নীসহ পৰিয়ালৰ আন কেইবাজনো সদস্যৰ সৈতে হোজাই জিলাৰ ৰাইকাটা নামৰ ঠাইত এটা ইটা ভাটাত শ্ৰমিক হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল।

কিন্তু প্ৰায় বিশ দিনৰপৰা লোকজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল।

অতি লক্ষণীয় যে লোকজনৰ লগতে থকা পত্নীয়েও সমগ্ৰ বিষয়টোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ নকৰাত কোনো লোকে পৰিকল্পিতভাৱে গাজিবুৰক হত্যা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ একাংশই।

এই সন্দৰ্ভত ৰূপহীহাটৰ আমবাগান আৰক্ষী চকীত গাজিবুৰৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও বিগত বিশ দিনে আৰক্ষীয়ে লোকজনৰ সন্ধান উলিওৱাৰ কোনো ব্যৱস্থাই হাতত নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাজিবুৰৰ দৰিদ্ৰ পৰিয়ালটোৰ সদস্যসকলে।