অসম চুক্তিৰ পঞ্চম দফাক হত্যা কৰি অসমীয়াক সাংবিধানিক ৰক্ষাকবচৰ ব্যৱস্থা থকা ষষ্ঠ দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন সমিতি গঠন কৰি অসমীয়াক আভুৱা-ভাঁৰাৰ কৌশল ৰচনা কৰিছে। চুক্তিৰ পঞ্চম দফাত ১৯৭১ চনলৈকে অসমলৈ অহা সকলো হিন্দু বা মুছলমান বিদেশীক নাগৰিকত্ব দিয়াৰ বিষয়টো সকলোৱে মানি লৈ ইয়াৰ পাছত অহা কোনো বিদেশীকে নাগৰিকত্ব নিদিয়াৰ সিদ্ধান্ত লৈছে।

কিন্তু বি জে পিয়ে অসম চুক্তিক নস্যাৎ কৰি ২০১৬ চনৰ ডিচেম্বৰলৈকে ভাৰতত প্ৰৱেশ কৰা সকলো হিন্দু বাংলাদেশীকে নাগৰিকত্ব সংশোধনী বিধেয়কৰদ্বাৰা নাগৰিকত্ব দিব বিচাৰিছে।

আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দৰ্ভত কি ক'লে চাওঁ আহক---