
নলবাৰীঃ ‘‘অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সঠিক ভাবে আগবঢ়াটো নিবিচাৰে হিন্দু-মুছলমানক বিভাজন কৰি ভোট বেংক সৃষ্টি কৰা সাম্প্ৰদায়িক ৰাজনৈতিক নেতাসকলে। বৰ্তমানে উচ্চতম ন্যায়ালয়ৰ ভিত্তিত হে ৰাজ্যত এন আৰ চিৰ কাম সঠিক আৰু ত্বৰান্বিত ভাবে আগবাঢ়িছে।’’ -এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷
মঙলবাৰে নিশা নলবাৰী আছুৰ শ্বহীদ ভৱনত আছুৰ মূখ্য উপদেষ্টা ভট্টাচাৰ্যই সাংবাদিকৰে কৰা মত বিনিময়ত এনেদৰে মন্তব্য কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ আৰু পৰ্যবেক্ষণ কামনা কৰে নেতা গৰাকীয়ে।
তেওঁ পুনৰ কয়, ‘‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত অহা ১ ডিচেম্বৰৰ ভিতৰত এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে ইতিমধ্যে চৰকাৰে ব্যৱস্থা কৰাৰ পিছত একাংশ অবৈধ বাংলাদেশী নাগৰিকে ভুৱা নথি পত্ৰৰে নিজৰ নাম নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ বাবে উঠিপৰি লাগিছে। আনকি এনে অবৈধ বাংলাদেশী নাগৰিকে ভুৱা নথিৰে পাছপৰ্ট পৰ্যন্ত উলিওৱাৰ কথা পোহৰলৈ অহাত চৰকাৰ তথা ৰাইজ অধিক সজাগ হোৱাৰ প্ৰয়োজন হৈছে।’’
ভট্টাচাৰ্যই লগতে কয়, ‘‘এনআৰচি উন্নীতকৰণ কেতিয়াও হিন্দু-মুছলমানৰ মাজৰ সংঘাত নহয়। ই হৈছে ভাৰতীয় আৰু অবৈধ বাংলাদেশীৰ মাজৰ ন্যায়িক যুদ্ধ হে।’’ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত কাৰো লগত আপোচ কৰা নহ’ব বুলি কৈ ড০ ভট্টাচাৰ্যই কয়, ‘‘১৯৫১ চনৰ ভোটাৰ তালিকাত অথবা ১৯৭১ চনৰ নাগৰিক পঞ্জীত নাম থকা আৰু ১৮ টা তথ্যৰ যিকোনো এটা বৈধ তথ্য থকা কোনো নাগৰিকে ভয়-সংশয়ত থকাৰ কাৰণ নাই।’’
ড০ ভট্টাচাৰ্যই সাংবাদিকক সম্বোধন কৰাৰ সময়ত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন সহ কেইবাজনো জিলা পৰ্য্যায়ৰ নেতা উপস্থিত থাকে।