Dr. Odd
Dr. Odd

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আন্তঃৰাজ্যিক সীমান্ত অঞ্চল অসম-নগালেণ্ড সীমাৱৰ্তী এলেকাত ক্ৰমান্বয়ে বৃদ্ধি পোৱা অপৰাধ, সন্ত্ৰাসবাদ আৰু সমাজ তথা আইন বিৰোধী কাৰ্য্যকলাপ তথা প্ৰাণ হানি, ধন দাবী, ৰাজহুৱা সম্পত্তি ধ্বংস আদিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা তৎকালে বলৱত হোৱাকৈ শিৱসাগৰ জিলা আতিৰিক্ত জিলা দণ্ডাধীশ বিদিত দাসে নৈশ সান্ধ্য ভাৰতীয় ফৌজদাৰী ১৪৪ ধাৰা আইন জাৰি কৰিছে।

এই আইন বলৱৎ হোৱা সময়ছোৱাত অসম-নগালেণ্ড সীমান্ত অঞ্চলৰ ৫ কিলোমিটাৰ এলেকাত প্ৰতিদিনে সন্ধিয়া ৬ বজাৰৰ পৰা পুৱা ৬ বজালৈ বলৱৎ থাকিব। এই সময়ছোৱাত সীমান্ত ৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ এলেকাধীন অঞ্চলত ব্যক্তিৰ লগতে যানবাহন চলাচল নিষিদ্ধ কৰা হৈছে।

অৱশ্যে দণ্ডাধীশ, সামৰিক বাহিনীৰ, আৰক্ষী, নিৰাপত্তা বাহিনীৰ লগতে কৰ্মৰত চৰকাৰী অসামৰিক বিষয়া-কৰ্মচাৰী এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। এই আইন তৎকালে বলৱৎ হোৱাৰ লগতে পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব।

একেটা নিৰ্দেশতে জিলাখনত দেশীয় মদ প্ৰস্তুতকৰণৰ লালি গুড়ৰ ওপৰতো অপব্যৱহাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এনে মদৰ পৰা জিলাখনত শান্তি শৃংখলা ভংগৰ আশংকা কৰি সমগ্ৰ জিলাখনত তৎকালে বলৱৎ হোৱাকৈ লালি গুড় বিক্ৰী নিষিদ্ধ কৰি ভাৰতীয় ফৌজদাৰী কাৰ্য্যবিধি আইন ১৪৪ ধাৰা জাৰি কৰিছে।

কোনো ব্যক্তিয়ে লালি গুড় পশু খাদ্য হিচাপে ব্যৱহাৰ বা ক্ৰয় কৰিবলৈ বিচাৰিলে জিলা অতিৰিক্ত দণ্ডাধীশৰ বা পশুপালন বিভাগৰ পৰা আগতীয়াকৈ অনুমতি লৈহে ক্ৰয় বা ব্যৱহাৰ কৰিব পাৰিব বুলি শিৱসাগৰ জিলা জনসংযোগ বিষয়া শাৰদী গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা যোগেদি জানিবলৈ দিছে।