
ধিংঃ অসমীয়াই ভাদ মাহটো পৱিত্ৰ মাহ হিচাপে গণ্য কৰে। পবিত্ৰ ভাদ মাহটো ৰাজ্য খনৰ নামঘৰ সমূহ নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তন আৰু তাল-খোলৰ শব্দই ৰজন-জনাই। ভক্তপ্ৰাণ লোকসকলৰ নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তনেৰে প্ৰতিধ্বনিত হয় প্ৰতিটো অঞ্চল৷
আজি পৱিত্ৰ ভাদ মাহৰ মাহৰ অন্তিমটো দিন। হৰি নাম কীৰ্তনৰ ধ্বনিৰে মুখৰিত হৈছে অন্তিম দনটো৷ পৱিত্ৰ ভাদ মাহৰ অন্তিম দিনটোত হৰি নাম কীৰ্তনেৰে অাকাশ বতাহ মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান।
পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ লগতে বহু দৰ্শনাৰ্থীৰ অাগমন ঘটে বটদ্ৰৱা থানত। পুৱাৰে পৰা নাম কীৰ্তনৰ লগতে খোল প্ৰসংগ, তাল কোবোৱা, মঞ্জিৰা নাম পৰিবেশন কৰে অঞ্চলটোৰ ভকত বৈষ্ণৱে। অানহাতে, অাবেলি ৰীতি নীতি পৰম্পৰাৰে ভাদ মাহৰ নাম সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।