
শিমলুগুৰিঃ সততে বিভিন্ন সমস্যাক লৈ মাত মাতি অহা সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ এখন সভা দেওবাৰে শিমলুগুৰি অসম জাতীয় বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়।
শিমলুগুৰি আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি অভিজিৎ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক উৎপল কোঁৱৰ আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিবাকৰ বৰা, নাবাব কেৰিম বৰবৰা, ৰফিউল হুছেইন উপস্থিত থাকে৷
সভাত শিমলুগুৰি চিকিৎসালয়ৰ আন্তঃগাঠনি উন্নয়ন, তেতেলিগুৰি দিখৌ নৈৰ গৰাখহনীয়া ৰোধ কৰা, বিশুদ্ধ খোৱা পানী যোগান আদি সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় সংগঠনটোৱে।
সভাত আঞ্চলিক সমিতিৰ অন্তৰ্গত ৬ খন শাখা সমিতিয়ে ঐক্যমতত উপনীত হৈ উৎপল কোঁৱৰ, দেৱজিৎ বাইলুং, প্ৰণৱ গগৈ, নাবাব কেৰিম বৰবৰাক উপদেষ্টা, বাবলু আলীক সভাপতি, গোবিন্দ বৰগোহাঁই, শৈল্য গগৈ, নিপন কোঁৱৰক উপ-সভাপতি, প্ৰণৱ সন্দিকৈক সাধাৰণ সম্পাদক, ময়ূৰ বড়া, মনোজ গগৈক সহকাৰী সম্পাদক হিচাপে লৈ ৩২ জনীয়া শিমলুগুৰি আঞ্চলিক সমিতিখন গঠন কৰে৷ সংগঠনটোৰ আঞ্চলিক সমিতিৰ সম্পাদক প্ৰণৱ সন্দিকৈয়ে সভাখনৰ আঁত ধৰে৷