ডিব্ৰুগড়ঃ অৱশেষত নিজেই ৰঙাঘৰৰৰ আলহী হ’বলগীয়া হ’ল বিতৰ্কিত চাৰ্টাড একাউন্টেন্ট সঞ্জয় জৈন। ভাতৃ ৰাজীৱ জৈনৰ নামত থকা পইণ্ট ৩২ পিষ্টলেৰে ডিব্ৰুগড়ৰ জৈন সমাজ তথা ব্যৱসায়ীসকলৰ মাজত একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি অহা তিনি জৈন ভাতৃৰ কু-কীৰ্তিৰ বিষয়ে সংবাদ-মাধ্যমে উদঙাই দিয়াৰ পিছতে খৰ্গহস্ত হৈ মনে সজা গোচৰ দিছিল পাঁচগৰাকী সাংবাদিকৰ বিৰুদ্ধে।

তৎসত্বেও তিনি ভাতৃৰ গুণ্ডাগিৰি তথা কু-কৰ্মৰ বিষয়ে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি গৈছিল সংবাদ মাধ্যমে।লগতে ডিব্ৰুগড়ৰ জাতীয় সংগঠনসমূহেও সৰৱ হৈ পৰিছিল তিনি ভাতৃৰ বিৰুদ্ধে। শনিবাৰে ডিব্ৰুগড়ৰ ছয়টা সংগঠনে সঞ্জয় জৈন, ৰাজীৱ জৈন আৰু বিকি জৈনক ৰক্ষণাবেক্ষণৰ সম্পৰ্কত ১২ ঘন্টাৰ ভিতৰত ছয়টা প্ৰশ্নৰ উত্তৰ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰিছিল ডিব্ৰুগড় জিলা উপায়ুক্তক।

অৱশ্যে ডিব্ৰুগড় জিলা প্ৰশাসনে এই প্ৰতিবাদক সঁহাৰি জনাই ২৯ এপ্ৰিলত জিলা উপায়ুক্তৰ নিৰ্দেশনাৰ ভিত্তিত জিলা দণ্ডাধীশে ৰাজীৱ জৈনৰ পইণ্ট ৩২ পিষ্টলটো সদৰ আৰক্ষী থানাত জমা দিয়াৰ বাবে নিৰ্দেশ দিছিল। কিন্তু ইমানৰ পিছতো ৰাজীৱ জৈনে পিষ্টল জমা নিদিয়াত প্ৰশাসনে বাতিল কৰি দিবলৈ বাধ্য হয় ৰাজীৱ জৈনৰ অনুজ্ঞাপত্ৰ।

ইয়াৰ পিছতে আজি ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বিতৰ্কিত চি এ সঞ্জয় জৈনক। ডিব্ৰুগড়ৰ ব্যৱসায়ী শৈলেশ জৈনক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত ৩৮৪/৫০৬ গোচৰৰ ভিত্তিত আটক কৰা হয় সঞ্জয় জৈনক। ইতিমধ্যে সঞ্জয় জৈনক জামিনত মুকলি কৰিবৰ বাবে তেওঁৰ ঘনিষ্ঠসকলে আপ্ৰাণ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে। এনে পৰিপ্ৰেক্ষিতত সংবাদ-মাধ্যমৰ পৰা আঁতৰত ৰাখি ডিব্ৰুগড় আৰক্ষীয়ে সঞ্জয় জৈনৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰহস্যমূলক ভূমিকাক লৈ চহৰখনত তীব্ৰ প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে।

ইফালে বিতৰ্কিত সঞ্জয় জৈনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ডিব্ৰুগড় জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে বিগত সময়ছোৱাত প্ৰতিবাদ সাব্যস্ত কৰি অহা সংগঠনকেইটাই ৷