নাৰায়ণপুৰঃ পিছলা আঞ্চলিক শ্ৰী শ্ৰী শংকৰ গুৰু জন্মজয়ন্তীৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯তম জন্ম জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে৷

অহা ২৮, ২৯, আৰু ৩০ ছেপ্তেম্বৰত (১১, ১২, ১৩ আহিন) তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ২নং বৰপথাৰ জৰাবাৰী গাঁৱৰ নামঘৰত গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হ’ব৷

তিনিটা দিনৰ কাৰ্যসূচীত কৃষ্টি, সাহিত্য, নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও শেষৰ দিনা ধৰ্ম্মালোচনী সভাত মঙলদৈ মহাপুৰুষ শংকৰদেৱ নাম ধৰ্ম সমাজ অসমৰ প্ৰচাৰক পুৰন্দ্ৰৰ হাজৰিকা উপস্থিত থাকিব।

তিনিওটা দিনৰ কাৰ্যসূচীতে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে জন্মজয়ন্তী উদযাপন পৰিচালনা সমিতিয়ে৷