ধিংঃ অসমীয়া সমাজ জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ, অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৬৯ সংখ্যক অাৱিৰ্ভাৱ তিথি৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ অসমৰ ৰাইজে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৯ সংখ্যক অাৱিৰ্ভাৱ তিথি পালন কৰা পৰিলক্ষিত হৈছে৷ সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ আছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ।

শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা আছিল। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহতিৰ ডোলেৰে বান্ধিছিল শংকৰদেৱে৷ শনিবাৰে জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ আবিৰ্ভাৱ তিথি পালনৰ বাবে ৰাইজ ওলাই আহে নামঘৰলৈ। ৰাজ্যজুৰি উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ নামঘৰ।

ভক্তি ৰসেৰে পালন কৰা গৈছে অাৱিৰ্ভাৱ তিথি। উজনি-নামণিত ভক্তি ৰসত বিভোৰ হৈ পৰা দেখা গৈছে মানুহক। বৰপেটা, নগাঁও, গুৱাহাটী মহানগৰী, বাক্সা আদি জিলাৰ লগতে সমগ্ৰ অসমত নামঘৰ, সত্রকে ধৰি বিদ্যালয় আদিত উলহ-মালহেৰে উদযাপন কৰিছে গুৰুজনাৰ এই তিথি। মহাপুৰুষ জনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানটো বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ অাৱিৰ্ভাৱ তিথি।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ ৫৬৯ সংখ্যক অাৱিৰ্ভাৱ উৎসৱ গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাতো তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে।  দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ পুৱাৰ মুল অাকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা।

অাজি এই সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হৰেন মহন্তই। সাংস্কৃতিক শোভাযাত্ৰাত গুৰুজনাৰ সৃষ্টিৰাজিৰ লগতে অসমীয়া জাতি উপজাতিৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। নগাঁও জিলাৰ জাজৰি-ধিং-বটদ্ৰৱাত পূৱাৰে পৰা নাম কীৰ্তন আদি কৰি ভক্তৰ লানি নিচিগা সমাগমে ভক্তি ৰসত মুখৰিত হৈ পৰিছে গুৰু জনাৰ জন্ম স্থান বটদ্ৰৱা