বৰপথাৰঃ অসমীয়াৰ গুৰু, নাট্যকাৰ, গীতিকাৰ, অসমীয়া জাতিৰ পথ প্ৰদৰ্শক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷ এইজনা মহান পুৰুষে অসমৰ সমাজ জীৱনত বিভিন্ন কাৰ্যৱালীৰে এখন সুন্দৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে৷

নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষজনাৰ ৫৬৯তম জন্ম জয়ন্তী ৰাজ্যৰ বিভিন্ন ঠাইত ভক্তপ্ৰাণ ৰাইজে পালন কৰাৰ লগতে অহা ২৯, ৩০ চেপ্তেম্বৰ আৰু ১ অক্টোবৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে টেঙানী গলাই নামঘৰত আয়োজন কৰিবলৈ লোৱা হৈছে৷ তিনিওদিনৰ সকলোবিলাক কাৰ্যসূচীতে উদ্‌যাপন সমিতিয়ে সকলো ৰাইজৰ সহায়-সহযোগীতা কামনা কৰিছে৷