বাহাকাবাৰীঃ নৱবৈষ্ণৱ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ জন্মমাহ এই পবিত্ৰ ভাদ মাহ৷ একেধাৰে কব্, গীতিকাৰ, নাট্যকাৰ আৰু অসমীয়া জাতিৰ দিক নিৰ্দেশক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ৷

পবিত্ৰ ভাদ মাহটোত মহাপুৰুষজনাৰ জন্মজয়ন্তী উপলক্ষে অহা ৩০ চেপ্তেম্বৰ আৰু ১, ২ অক্টোবৰত কামপুৰ কেন্দ্ৰীয় নামঘৰত তিনি দিনীয়া কাৰ্যসূচীৰে ৫৬৯ সংখ্যক জন্মোৎসৱ পালনৰ প্ৰস্তুতি চলোৱা হৈছে।

এই উপলক্ষে যোৱা ২৭ আগষ্টত জ্যেষ্ঠ নাগৰিক কমলেশ্বৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত জনাৰ্দ্দন বৰাক সভাপতি আৰু চেনিৰাম শইকীয়াক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হয়।

কামপুৰ উন্নতি সাধিনী সভাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই উৎসৱৰ আটাইকেইদিনেই নাম-প্ৰসংগ, ধৰ্মালোচনা সভা আৰু ভাওনা আদি প্ৰদৰ্শন কৰি গুৰুজনাক স্মৰণ কৰা হ’ব বুলি সভাই জানিবলৈ দিয়ে।