বটদ্ৰৱা/ধিংঃ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া জাতি গঠনৰ লগতে সাহিত্য-সংস্কৃতিৰ গুৰি ধৰিছিল গুৰুজনাই। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি বৃহত্তৰ অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু ঐক্য-সংহতিৰ ডোলেৰে বান্ধি ৰাখিছিল শংকৰদেৱে।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৪৮ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হয়৷ উলহ-মালহেৰে ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰে ভক্তসকলে৷ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানতো সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয় তিৰোভাৱ তিথি।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ পূণ্যদিনটোত ষ্টেট বেংক অৱ ইণ্ডিয়াই ভক্তৰ সেৱাৰ্থে এখন এম্বুলেঞ্চ প্ৰদান কৰে৷ বেংকটোৰ উত্তৰ-পূৱৰ ক্ষেত্ৰৰ মুখ্য মহাপ্ৰৱন্ধক পি ভি এছ এল এন মূৰ্তিয়ে এম্বুলেঞ্চখন আনুষ্ঠানিকভাৱে আজি থান পৰিচালনা সমিতিক প্ৰদান কৰে৷ বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে বেংকটোৱে এটিটিএম আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে ৷

ভাৰতীয় ষ্টেট বেংকৰ উপ মহাপ্ৰৱন্ধক বিশেশ্বৰ হালধাৰ, মনজিৎ শইকীয়া, নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং, আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ৰ উপস্থিতিত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ স্থায়ী মুকলি প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়৷ ভাৰতীয় ষ্টেট বেংক ধিং শাখাৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাত থান পৰিচালনা সমিতিয়ে এছ বি আই কৰ্তৃপক্ষক ধন্যবাদ জনায়৷

আনহাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাবলৈ ভক্তপ্ৰাণ তীৰ্থযাত্ৰীৰে লোকে লোকাৰণ্য হৈ পৰে বটদ্ৰৱা থান৷ পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যাত্ৰীসকলে বটদ্ৰৱাত উপস্থিত হৈ গুৰুজনাৰ স্মৃতি বিজড়িত দৌল মন্দিৰ, কীৰ্তন ঘৰ, দুই পদশিলা, শিলিখা বৃক্ষ, আকাশী গংগা, সতীৰাধিকা নামঘৰ আদিত সমবেত হয় আৰু গুৰুজনালৈ ভক্তি নিবেদন কৰে ৷

বিগত বৰ্ষসমূহৰ দৰে আজিও গুৰুতিথিত বটদ্ৰৱা থানৰ আকাশীগংগা তীৰত সহস্ৰাধিক তীৰ্থযাত্ৰীক লঘূ আহাৰেৰে অপ্যায়ন কৰে স্থানীয় যুৱকসকলে৷ সমাজসেৱক হিৰণ্য কলিতাৰ তত্বাৱধানত যুৱকসকলে প্ৰতি বছৰৰ দৰে এইবাৰো কৰা ভকতসেৱাক শলাগ লয় ৰাইজে৷